NORTHEAST NOW (Assamese)

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ ইমামক সাক্ষাতকলৈ ব্যাপক চৰ্চা

September 23, 2022 5:07 pm · এন ই নাও নিউজ,গুৱাহাটী

বিজেপিৰ চালিকাশক্তি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে হঠাতে কিয় মছজিদলৈ গৈ কেইবাগৰাকীও ইমামক সাক্ষাৎ কৰিলে তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চা হৈছে। দেশৰ বহু ঠাইত চৰকাৰে মুছলমানৰ ঘৰ, মাদ্ৰাছা আদি ভাঙি দিয়াকলৈ বহুতে সমালোচনা কৰাৰ সময়তে ভাগৱতৰ এনে বৈঠক তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

মুছলমান লোকৰ আস্থা অৰ্জনৰ বাবেই আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এনেদৰে ইমামৰ সৈতে বৈঠক কৰিছে নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে। উল্লেখ্য কালি ভাগৱতে কেইবাগৰাকীও ইমামক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে দিল্লীৰ কস্তুৰবা গান্ধী মাৰ্গৰ মছজিদত উপস্থিত হয়। তাত তেওঁ সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ডঃ ইমাম ওমেৰ আহমেদক ইলিয়াছীৰ সৈতে সাক্ষাৎ কৰে।

ভাগৱতক ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছি আৰু দিল্লীৰ প্ৰাক্তন উপ ৰাজ্যপাল নাজিব জংগকে ধৰি মুছলমান বুদ্ধিজীৱীসকলৰ এটা দলে সাক্ষাৎ কৰিছিল। এই বৈঠকত আৰ এছ এছ প্ৰচাৰক ইন্দ্ৰেশ কুমাৰো মোহন ভাগৱতৰ সৈতে উপস্থিত আছিল।

উল্লেখ্য যে দুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জামিৰুদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ শ্বাহিদ চিদ্দিকী আৰু সমাজসেৱক ছাইদ শ্বেৰৱানীও উপস্থিত আছিল।

দুঘণ্টাজোৰা এই বৈঠকত সাম্প্ৰদায়িক সম্প্ৰীতি শক্তিশালী কৰা আৰু আন্তঃ-সম্প্ৰদায়ৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত বিশদ আলোচনা কৰা হয়।

ইয়াৰ পূৰ্বে মুছলমানসকলৰ সংগঠন জমিয়ত-উলেমা-ই-হিন্দৰ নেতা মৌলানা আৰ্শাদ মাদানীয়েও ২০১৯ৰ ৩০ আগষ্টত দিল্লীৰ ঝাণ্ডেৱালানত সংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ পিছত মোহন ভাগৱতক সাক্ষাৎ কৰিছিল।মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা ইন্দ্ৰেশ কুমাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সেই বৈঠকখনো যথেষ্ট চৰ্চিত হৈছিল।

উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত ৯ নৱেম্বৰ, ২০১৯ত ৰায় দিয়াৰ পিছত দুয়োটা সম্প্ৰদায়ৰ মাজত শান্তি বজাই ৰখাৰ স্বাৰ্থতে দুয়োগৰাকী শীৰ্ষ নেতাৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছিল।

Related News