NORTHEAST NOW (Assamese)
অসম

সোণাৰিত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ : কয়লা ছিণ্ডিকেইটৰ টকাৰে বিজেপিয়ে হেলিকপ্টাৰ উৰুৱাইছে

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 18, 2019 7:09 pm
Tarun Gogoi Press Meet

সোণাৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আজি এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আৰু বিজেপি দল, মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি লয়।

বিজেপিক প্ৰৱঞ্চকৰ দল আখ্যা দি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, “নিৰ্বাচনৰ সময়ত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে। মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিল যদিও আজিলৈকে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে”।

সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰী ভাষণৰ ফুলজাৰি মৰা নেতা বুলি কটাক্ষ কৰে গগৈয়ে। এই নেতাবোৰ নকলী নেতা বুলিও মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ।

গগৈৰ অভিযোগ, বৰ্তমানৰ চৰকাৰৰ ছত্ৰছায়াতে কয়লা, চুপাৰি, শিল-বালি আদিৰ ছিণ্ডকেট চলি আছে।

“যদি মুখ্য মন্ত্ৰীৰ সৎ সাহস আছে তেন্তে কয়লা ছিণ্ডিকেইটৰ চি বি আই তদন্ত দিয়ক” বুলি সোণোৱালক প্ৰত্যাহ্বান জনাই গগৈয়ে ছিণ্ডিকেইটৰ টকাৰে বিজেপিয়ে হেলিকপ্টাৰ উৰুৱাইছে বুলি দাবী কৰে।

প্ৰাক্তন সতীৰ্থ তথা বিজেপি মন্ত্ৰী হিমন্তক বিশ্বক আক্ৰমণৰ কটাক্ষ কৰি গগৈয়ে “সোণাৰিত আজি হিমন্ত বিশ্ব শৰ্মাই নাচিবলৈ আহিছে” বুলি মন্তব্য কৰে। তেওঁ সৰ্বানন্দ সোণোৱালক লগত লৈ হিমন্ত বিশ্ব শৰ্মাক চিনেমা কৰিবলৈ আহ্বান জনায়।

ইফালে সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গড়কপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈক সমালোচনা কৰি কয়, “তপন কুমাৰ গগৈৰ দিনত সোণাৰিত কেইটা নতুন পথ নিৰ্মাণ কৰিলে? অসমত কেইখন আৰ চি চি ব্ৰীজ হ’ল বিজেপিৰ দিনত। সকলো বোৰ কংগ্ৰেছৰ দিনত হোৱা। কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মিত হোৱা ৰাস্তাবোৰকেই মেৰামতি কৰিব পৰা নাই বিজেপিয়ে। এক্সপ্ৰেছ হাইৱে’ কেনেকৈ হ’ব?”

সংবাদমেলত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটটোৰ দল অগপক সমালোচনা কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, “কেন্দ্ৰৰ বিজেপি আৰু ৰাজ্যৰ অগপ চৰকাৰৰ দিনত গুপ্তহত্যা হৈছিল। ব্ৰিটিছৰ দিনৰ দৰে বিজেপিয়ে বিভাজনৰ নীতি লৈছে”

চৰকাৰে বাগানৰ শ্ৰমিকৰ পৰিৱৰ্তে বাগানৰ মালিকৰ হৈ কাম কৰিছে বুলিও অভিযোগ গগৈৰ।

অসমৰ সম্পদসমূহ ব্যক্তিগতকৰণ কৰা সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছে গোটোৱা সম্পত্তি বিজেপিয়ে ব্যক্তিগতকৰণ কৰিছে। চৰকাৰ যে দেউলীয়া ইয়াৰ পৰাই জানিব পাৰি”।

বদৰুদ্দিন আজমল অসমৰ মুখ্য মন্ত্ৰী কেতিয়াও হ’ব নোৱাৰে বুলি কয়। প্ৰতীক হাজেলাক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে তেওঁ সুখী হোৱা বুলি জানিবলৈ দি “সৰ্বা-হিমন্তৰ অব্যাহতি কামনা কৰিছো” বুলি সংবাদমেলত মন্তব্য কৰে।