জেট এয়াৰৱেজৰ স্বত্বাধিকাৰী নৰেশ গোয়লৰ ৫০০ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জন্দ কৰিছে জেট এয়াৰৱেজৰ মালিক নৰেশ গোয়লৰ বিশাল পৰিমাণৰ সম্পত্তি।
কোম্পানীটোৰ সৈতে জড়িত এক কেলেংকাৰীত ইডিয়ে ৫০০ কোটি টকাৰো অধিক সম্পত্তি জব্দ কৰিছে।
এই সম্পত্তিবোৰৰ ভিতৰত আছে- জেট এৱাৰবেজৰ সংস্থাপক নৰেশ গোয়ল, পত্নী অনীতা গোয়ল, পুত্ৰ নিবান গোয়লৰ লগতে কোম্পানীটোৰ অন্যান্য লোকৰ নামত থকা ১৭ টা ফ্লেট, বাণিজ্যিক বিল্ডিং আদি।
লণ্ডন, ডুবাই আৰু ভাৰতৰ অন্য অন্য ৰাজ্যত আছে নৰেশ গোৱালাৰ এই সম্পত্তি সমূহ।
কেন্দ্ৰীয় তদন্ত সংস্থা ইডিয়ে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ), ২০০২-ৰ অধীনত এই সম্পত্তি সমূহ জব্দ কৰিছে।
নৰেশ গোয়লক ১ ছেপ্টেম্বৰত ইডিয়ে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ বৰ্তমান মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে।
অভিযোগ অনুসৰি নৰেশ গোয়লে বিদেশত ট্ৰাষ্ট গঠন কৰি ধনৰ অপব্যৱহাৰ কৰিছিল।