NORTHEAST NOW (Assamese)

প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বাৰ দেহাৱসান

May 27, 2019 8:21 am · এন ই নাও নিউজ

প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বাৰ নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি পুৱতি নিশা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি হৃদৰোগৰ বাবে পক্ষাঘাতত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন সাংসদ গৰাকী।

২০১৪ চনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে হৃদ ৰোগত আক্ৰান্ত হৈছিল প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বা।

১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে তেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত চুব্বাই। নাওবৈছা সমষ্টিৰ বিধায়ক হিচাপেও আচিল প্ৰতিনিধিত্ব কৰিছিল মণি কুমাৰ চুব্বাই।

প্ৰাক্তন কংগ্ৰেছী সাংসদ চুব্বাৰ জন্ম হৈছিল ১৯৫৮ চনৰ ১৬ মাৰ্চত দাৰ্জিলিঙত। চুব্বাই মৃত্যুৰ সময়ত পত্নী পিতমল চুব্বাসহ এটি পুত্ৰ সন্তান আৰু তিনিগৰাকী জীয়ৰীক এৰি থৈ গৈছে।

আনহাতে তিনিবাৰৰ সাংসদ মণি কুমাৰ চুব্বাৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ বিৰাজমান কৰিছে।

Related News