NORTHEAST NOW (Assamese)

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

July 15, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 15, 2025 7:03 am

শৈশৱৰ পৰা আমি বান্দৰৰ কৌতুকপূৰ্ণ আৰু চতুৰ কাৰ্যকলাপৰ কাহিনী শুনি আহিছোঁ। কেতিয়াবা সংবাদ মাধ্যমত, কেতিয়াবা নিজৰ চকুৰে এই ধূৰ্ত প্ৰাণীবিধৰ আচৰণৰ সাক্ষী হৈছোঁ। সাধাৰণতে বান্দৰক আমি চালাক আৰু বুদ্ধিমান বুলি জানো। কিন্তু এইবাৰ এটা বান্দৰে দেখুৱালে এক অনন্য ৰূপ, যিয়ে সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত এটা বান্দৰ এখন ৰে’লত উঠি খিৰিকীৰ কাষৰ আসনত বহি যাত্ৰাৰ সৌন্দৰ্য উপভোগ কৰি থকা পৰিলক্ষিত হৈছে। এই দৃশ্যই বহুজনৰ মন জয় কৰিছে। বহুতৰ দৰে এই বান্দৰটোৰো খিৰিকীৰ কাষৰ আসনত বহি বাহিৰৰ দৃশ্য উপভোগ কৰাৰ ইচ্ছা পূৰণ হোৱা যেন অনুভৱ কৰাইছে।

ভিডিঅ’টোত দেখিবলৈ পোৱ এই দৃশ্য ঝাৰখণ্ডৰ চিল্লী ৰে’ল ষ্টেচনৰ, য’ৰ পৰা খড়গপুৰ-ৰাঁচী লোকেল ৰে’লত উঠি বান্দৰটোৱে যাত্ৰা আৰম্ভ কৰিছিল। আশ্চৰ্যজনকভাৱে, কোনো যাত্ৰীক অসুবিধা নকৰাকৈ শান্তভাৱে খিৰিকীৰ কাষৰ আসনত বহি ৰাঁচী ষ্টেচনলৈ যাত্ৰা সম্পূৰ্ণ কৰে। যাত্ৰাৰ অন্তত ৰে’লৰ পৰা নামি আন যাত্ৰীৰ দৰেই বান্দৰটো আঁতৰি যায়।

চিল্লী আৰু ৰাঁচীৰ মাজত যাতায়াত কৰা যাত্ৰীসকলৰ মতে, এই বান্দৰটো প্ৰায়ে এইদৰে লোকেল ৰে’লত যাত্ৰা কৰে। তেওঁলোকৰ মতে, চিল্লীৰ আশে-পাশে কোনোবা হাবিত বাস কৰা এই বান্দৰটোৱে খাদ্যৰ সন্ধানত ৰাঁচীলৈ যায়। ৰে’লৰ খিৰিকীৰ কাষত শান্তভাৱে বহি যাত্ৰা উপভোগ কৰা এই বান্দৰে কাকো বিঘিনি নকৰে। বৰ্তমান যাত্ৰীসকলে এই বান্দৰটোক সহযাত্ৰী হিচাপে গ্ৰহণ কৰিছে আৰু কোনো আপত্তি নকৰে। কেতিয়াবা যাত্ৰীসকলে নিজৰ খাদ্যও এই বান্দৰৰ সৈতে ভাগ কৰে বুলি মত প্ৰকাশ কৰিছে।

সম্প্ৰতি এই বান্দটোৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কিছুমানে বিশ্বাস কৰে যে এই বান্দৰটো মানুহৰ দৰেই বুদ্ধিমান। আন কিছুমানে ধেমালিত কয় যে, জীৱ-জন্তুসকলেও এতিয়া আধুনিক পৰিবহণৰ সুবিধা বুজি উঠিছে, কাৰণ ইয়াৰ জৰিয়তে সহজে আৰু দ্ৰুতভাৱে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰি। এই ভ্ৰমণবিলাসী বান্দৰটোৰ কাহিনীয়ে সামাজিক মাধ্যমত এক নতুন চৰ্চাৰ সৃষ্টি কৰিছে, আৰু ইয়াৰ শান্ত আৰু সুস্থিৰ আচৰণে সকলোৰে মন জিনিছে।

Related News