NORTHEAST NOW (Assamese)

শিৱসাগৰত পুনৰ ১৭ গৰাকী ক’ভিড১৯ পজিটিভ : অশ্বিনী চেতিয়াৰ পত্নীসহ পৰিয়ালৰ সদস্য আক্ৰান্ত

July 18, 2020 2:56 pm · পাৰ্শ্বজ্যোতি গগৈ
প্ৰতিনিধিত্বমূলক ফটো।

শিৱসাগৰত দৈনিক বৃদ্ধি পাইছে কোভিড১৯ পজিটিভৰ সংখ্যা।

কোনো ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তি কোভিড ১৯ পজিটিভ ধৰা পৰাত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে শিৱসাগৰত।

শুকুৰবাৰে মাজনিশা শিৱসাগৰত ১৭ গৰাকী কোভিড১৯ পজিটিভ ব্যক্তি ধৰা পৰে।

ইয়াৰে ১৩ গৰাকী ব্যক্তি সদ্যপ্ৰয়াত আটাছু নেতা অশ্বিনী চেতিয়াৰ পৰিয়ালৰ বুলি জানিব পৰা গৈছে। এই ১৩ গৰাকী ব্যক্তিৰ ভিতৰত চেতিয়াৰ পত্নী পল্লৱী চেতিয়া, চেতিয়াৰ ভগ্নী, ভনী জোঁৱাই, খুলশালি, বৌয়েক, ভতিজাৰ লগতে আন বহু কেইগৰাকী ক’ভিড ১৯ পজিটিট পোৱা গৈছে।

উল্লেখ্য যে যোৱা ৫ জুনত গুৱাহাটীৰ পৰা অহা অশ্বিনী চেতিয়াৰ দুই ভাতৃ ক্ৰমে মুকুল চেতিয়া আৰু প্ৰশান্ত চেতিয়াৰ শৰীৰত কোভিড১৯ ধৰা পৰিছিল।

অশ্বিনী চেতিয়াৰ অন্তেষ্টিক্ৰিয়াত এই দুই ভাতৃয়ে অংশ গ্ৰহণ কৰাৰ লগতে তাত উপস্থিত আছিল সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন, বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি বহু ব্যক্তি।

১৩ জুলাই চেতিয়াৰ দুই ভাতৃৰ শৰীৰত কোভিড পজিটিভ পোৱাত আতংকিত হৈ পৰে শিৱসাগৰবাসী।

চেতিয়াৰ অন্তেষ্টিক্ৰিয়াত উপস্থিত সকলোৱে নিজৰ নিজৰ শ্বাৱ পৰীক্ষাৰ বাবে দিয়ে আৰু গৰিষ্ঠ সংখ্যকৰে ফলাফল নিগেটিভ আহে।

আনহাতে চেতিয়াৰ অন্তেষ্টিক্ৰিয়াৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সকলৰো শ্বাৱ টেষ্টৰ ফলাফল নিগেটিভ আহে।

Related News