NORTHEAST NOW (Assamese)

পুনৰ এয়াৰ ষ্ট্ৰাইক; নিহত কমেও ৩০জন তালিবান বিদ্ৰোহী

September 20, 2020 7:51 am · এন ই নাও নিউজ
ফটো সৌজন্য: এনডিটিভি।

আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক সংঘটিত চলোৱাৰ বাতৰি আহিছে। শনিবাৰে চলোৱা এই এয়াৰ ষ্ট্ৰাইকত ৩০জনতকৈয়ো অধিক তালিবান  বিদ্ৰোহী নিহত হোৱা বুলি কোৱা হৈছে।

আনহাতে, তালিবানৰ তৰফৰ পৰা জনোৱা হৈছে যে এই এয়াৰ ষ্ট্ৰাইকৰ ফলত মহিলা আৰু শিশুসহ প্ৰায় ২৩ জনতকৈয়ো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।

ইপিনে, কাটাৰৰ ডোহাত আফগানিস্তান চৰকাৰ আৰু তালিবান বিদ্ৰোহীৰ মাজত শান্তি আলোচনা চলি আছে।

আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা টুইটত জানিবলৈ দিছে,’’শনিবাৰে পুৱা কুন্দুজ প্ৰদেশৰ খান আবাদ জিলাৰ তালিবানৰ ঘাটিসমূহত আফগান সেনাই আক্ৰমণ চলায়। এই আক্ৰমণত দুজন কমাণ্ডাৰৰ মৃত্যু হোৱা বুলি জানিব পপৰা গৈছে।‘’

তালিবান বিদ্ৰোহীয়ে তেওঁলোকৰ সহযোগীৰ মৃত্যুৰ খৱৰ অস্বীকাৰ কৰিছে আৰু এই আক্ৰমণত ২৩জন সাধাৰণ নাগৰিক নিহত হোৱা বুলিহে দাবী কৰে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে গোটেই ঘটনাৰ তথা তালিবানৰ দাবী সম্পৰ্কতো তদন্ত কৰাৰ কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰেও দেশখনৰ তিনিখন প্ৰদেশত গোটেই নিশা চলা সংঘৰ্ষৰ ফলত ৩১জন তালিবান বিদ্ৰোহী নিহত হয়।

সেই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰো ১৯জন লোক নিহত হোৱা বুলি কোৱা হৈছে।

Related News