NORTHEAST NOW (Assamese)
অসম

গুনাৱান্তা মহাথেৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতাত হাজাৰ হাজাৰ লোকৰ সমাগম

Posted by: মানস প্ৰতিম গগৈ December 21, 2018 6:49 pm
funeral ritual Poi Leng

কালিৰে পৰা বৌদ্ধ ধৰ্ম গুৰু গুনাৱান্তা মহাথেৰৰ মূল ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ‘পয় লেং’  তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে  ঐতিহাসিক লিডুৰ মৌংলাং খামতি গাঁৱত অৱস্থিত বৌদ্ধ বিহাৰৰ প্ৰাংগণত আৰম্ভ হৈছে৷

আজি পুৱাৰে পৰা উত্তৰ পূবৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ পৰা ৪০ হাজাৰৰো অধিক লোকৰ সমাগম হয়৷ লোকে লোকাৰণ্য হৈ পৰে আজিৰ দিটোত লিডুৰ ঐতিহাসিক মোলাং খামতি বৌদ্ধ বিহাৰৰ প্ৰাংগণ৷ প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰু উ গুণাৱান্ত মহাথেৰৰ মূল ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ‘পয় লেং’ উপলক্ষে আজি দ্বিতীয় দিনা সমাগম ঘটে এই বৃহৎ সংখ্যক গুণগ্ৰাহী ৰাইজৰ৷

ভান্তেৰ নশ্বৰ দেহ আৰোহণ কৰাই এখন সু-উচ্চ তথা সু-সজ্জিত কৰি ৰথত তুলি ৰচীৰে টনা হয়৷ এই ধৰ্মীয় পৰম্পৰাত অংশগ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মিনে সুদীৰ্ঘ বছৰে শান্তিৰ বাণী বিলাই অহা বৌদ্ধ ধৰ্মগুৰু জনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়৷

উত্তৰ পূবৰ লগতে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰত পৰিচিতি আৰু জনপ্ৰিয়তা থকা বৌদ্ধ ধৰ্মগুৰু গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এটি পূৰ্ণ অৱয়বৰ প্ৰতিকৃতি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনায় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই৷ কাইলৈ ৰাজ্যিক মৰ্যাদাৰে বৌদ্ধ ধৰ্মগুৰু জনাৰ শেষকৃত্য সম্পন্ন কৰা হব৷

উল্লেখযোগ্য যে  ১০ নৱেম্বৰত লিডুৰ মৌংলাং বৌদ্ধ বিহাৰৰ অধ্যক্ষ উ গুনাৱান্তা মহাথেৰৰ মহাপ্ৰয়াণ ঘটিছিল৷ গুনাৱান্তা মহাথেৰ বৌদ্ধ মিশ্যনৰ সদস্য হিচাপে ১৯৫৩ চনত ভাৰতলৈ আহিছিল৷ কিছু সদস্য কিছুবছৰৰ পিছতে ঘূৰি গৈছিল, কিছুমানৰ আগতেই মহাপ্ৰয়াণ ঘটিছিল৷ তেওঁ আছিল মিশ্যনৰ শেষ প্ৰতিনিধি৷ তেওঁ আছিল উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠতম আৰু সংঘনায়ক৷

তেওঁৰ ব্যক্তিত্বৰ দীপ্তি আন্তঃৰাষ্ট্ৰীয়৷ তেওঁ কেৱল এমুঠি (হেজাৰ) বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ গুৰু নাছিল৷ বৰং কেইবা লাখ সাধাৰণ জনতাৰ আস্থাৰ প্ৰতীক ৰূপে সমাদৃত আছিল৷ ১২ নৱেম্বৰত বিশাল কাৰ্যসূচীৰে  তেখেতৰ জন্ম বাৰ্ষিকীৰ  আয়োজন চলি থকাৰ মাজতে বাৰ্ধক্য-জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লিডুৰ মৌংলাং খামতি বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ গৰাকীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ম্যানমাৰকে ধৰি কেইবা খনো ৰাষ্ট্ৰৰ লাখ লাখ ভক্তক কন্দুৱাই ১০ নৱেম্বৰত  ইহলীলা সম্বৰণ কৰে৷

৭ দিন ভান্তেৰ মৃতদেহ  দেশে-বিদেশে থকা  তেখেতৰ গুণমুগ্ধৰ অন্তিম দৰ্শনৰ বাবে  মৌংলাং খামতি বৌদ্ধ বিহাৰত ৰখাৰ পাছত ১৬ নৱেম্বৰত ধৰ্মীয় পৰম্পৰাৰে মন্দিৰৰ চৌহদত নিৰ্মিত নিৰ্বাণ গৃহলৈ নশ্বৰ দেহ স্থানান্তৰ কৰা হৈছিল৷ আজি কেইবাখনো ধৰ্মীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত দেশৰ তথা বিদেশৰ পৰা অহা বহুকেইজন বৌদ্ধ ভিক্ষুৱে অংশগ্ৰহণ কৰে৷