NORTHEAST NOW (Assamese)
Popular Stories

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2026 6:49 pm

মধ্যপ্ৰদেশৰ মৰেনা জিলাত দেওবাৰে এক শোকাৱহ ৰেল দুৰ্ঘটনাত চাৰিগৰাকী যাত্ৰীৰ অকাল মৃত্যু ঘটিছে। খাজুৰাহো-উদয়পুৰ ইণ্টাৰচিটি এক্সপ্ৰেছত জুই লগাৰ এক ভুৱা উৰাবাতৰি বিয়পি পৰাৰ ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হোৱা তীব্ৰ আতংকৰ বাবেই এই অঘটন সংঘটিত হয়। প্ৰাণ বচোৱাৰ স্বাৰ্থত ৰেলখনৰ পৰা জপিয়াই সমীপৰ ৰেললাইনত পৰা যাত্ৰীসকলক বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা পাতালকো এক্সপ্ৰেছে মহতিয়াই নিয়ে, যাৰ ফলত আগ্ৰাৰ এগৰাকী মহিলা, তেওঁৰ চাৰি বছৰীয়া পুত্ৰ আৰু আন দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়।

হৰপালপুৰৰ পৰা আগ্ৰালৈ সপৰিয়ালে উভতি অহা নাদিম খান নামৰ যুৱকজনৰ পৰিয়ালটো এই দুৰ্ঘটনাৰ বলি হয়। অতিৰিক্ত ভিৰেৰে ঠাহ খাই থকা সাধাৰণ ডবাত যাত্ৰা কৰা নাদিমৰ সৈতে তেওঁৰ পত্নী আফ্ৰিন আৰু দুই পুত্ৰ আছিল। কোনোমতে বহাৰ স্থান লাভ কৰা আফ্ৰিনৰ কোলাত আছিল তেওঁলোকৰ কনিষ্ঠ পুত্ৰ আৰছাদ। নাদিমে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ৰেলখন মৰেনাৰ মাজেৰে গৈ থকা অৱস্থাতে কোনোবা এজনে হঠাৎ জুই লগা বুলি চিঞৰি উঠে আৰু লগে লগে ডবাটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। আতংকিত হৈ কোনোবাই ৰেলৰ চেইন টানি দিয়ে আৰু যাত্ৰীসকলে লৰালৰিকৈ জপিয়াই নামিবলৈ আৰম্ভ কৰে।

পত্নী আফ্ৰিনে সৰু পুত্ৰক লৈ ৰেলৰ পৰা নামিবলৈ চেষ্টা কৰাৰ সময়তে নাদিমে ভিৰৰ মাজত ডাঙৰ পুত্ৰক বিচাৰিবলৈ লয়। সেই মুহূৰ্ততে বিপৰীত দিশৰ পৰা অহা পাতালকোট এক্সপ্ৰেছখন পাৰ হৈ যায়। কিবা বুজি উঠাৰ পূৰ্বেই আফ্ৰিন আৰু চাৰি বছৰীয়া পুত্ৰ আৰছাদৰ শৰীৰৰ ওপৰেৰে ৰেল পাৰ হৈ যোৱা বুলি নাদিমে আক্ষেপ প্ৰকাশ কৰে। তেওঁ দুখ প্ৰকাশ কৰি কয় যে কেইমুহূৰ্তমানৰ পূৰ্বেও পত্নী আৰু চাৰি বছৰীয়া পুত্ৰ তেওঁৰ সৈতে আছিল, কিন্তু এটা দুৰ্ঘটনাই সমগ্ৰ পৰিয়ালটো তেওঁৰ চকুৰ সন্মুখতে শেষ কৰি পেলালে। পিছতহে তেওঁলোকে জানিব পাৰে যে ৰেলখনত কোনো জুই লগা নাছিল, সেয়া কেৱল এক উৰাবাতৰিহে আছিল।

এই দুৰ্ঘটনাত নাদিমৰ পত্নী আৰু পুত্ৰৰ উপৰিও আন দুগৰাকী মহিলাৰ একেদৰেই মৃত্যু হয়। ৰেলৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত পাতালকোট এক্সপ্ৰেছখনৰ গতিবেগ আছিল প্ৰতি ঘণ্টাত নব্বৈ কিলোমিটাৰ। ৰেলপথত একা-বেঁকা ভাঁজ থকাৰ বাবে ৰেলখনৰ চালকগৰাকীয়ে লাইনৰ ওপৰত থকা যাত্ৰীসকলক বহু পলমকৈহে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয়। জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰাৰ পাছতো দুৰ্ঘটনাটো সম্পূৰ্ণৰূপে এৰাই চলিব পৰা নগল। ৰেললাইনৰ ওপৰত সিঁচৰতি হৈ পৰা যাত্ৰীসকলৰ কাপোৰ, বেগ, জোতা আৰু অন্যান্য সামগ্ৰীয়ে পৰিস্থিতিৰ ভয়াৱহতা প্ৰতিফলিত কৰিছিল।

ঝান্সী সংমণ্ডলৰ ৰেলৱে প্ৰবন্ধকগৰাকীয়ে স্পষ্ট কৰি দিছে যে প্ৰাথমিক তদন্তত ৰেলখনত জুই লগাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই। বৰ্তমান ৰেলৱে কৰ্তৃপক্ষই জৰুৰীকালীন চেইন টানি ৰেল ৰখোৱা মহিলা যাত্ৰীগৰাকীক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাটোৰ বিতং তদন্ত চলি আছে আৰু ৰেলৱে বিভাগে পৰৱৰ্তী সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।