NORTHEAST NOW (Assamese)

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিজকে যোগ্য সজাই হাইকামাণ্ডলৈ পত্ৰ লিখিলে ৰূপজ্যোতি কুৰ্মীয়ে

May 22, 2021 2:48 pm · কল্পজ্যোতি শইকীয়া

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটোক লৈ বিভিন্ন সময়ত নেতৃত্বকেন্দ্ৰিক সংঘাত বা খোৱা-কামোৰা নতুন কথা নহয়।

এইবাৰ আকৌ মৰিয়নী সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিজকে যোগ্য বুলি দাবী কৰিলে। এই সন্দৰ্ভত কংগ্ৰেছৰ হাই কামাণ্ডলৈ ইতিমধ্যে তেওঁ পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

কালি বিধানসভাৰ প্ৰথম দিনা অধিৱেশন চলি থকাৰ সময়তে কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয় ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ময়েই উপযুক্ত। এই সন্দৰ্ভত হাইকামাণ্ডলৈ পত্ৰ লিখিছো। যিহেতু মই চাৰিবাৰকৈ জয়ী হৈ মৰিয়নী সমষ্টিৰ বিধায়ক হৈ আছো তথা চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰো সেয়েহে AICCৰ নেতৃত্বক সভাপতি হিচাপে নিযুক্তি দিবলৈ আহ্বান জনাইছো। এতিয়া সভাপতিৰ পদটো খালী হৈ আছে।‘

ৰূপজ্যোতি কুৰ্মীৰ দৃঢ় বিশ্বাস যিহেতু এই পদটো খালী হৈ আছে গতিকে তেওঁক উপযুক্ত ভাবি জ্যেষ্ঠ নেতৃত্বই নিযুক্তি দিব। তেওঁ লগতে কয় ‘অভিজ্ঞতাৰ ফালৰ পৰা আৰু চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা হিচাপে মোক যোগ্য বুলি বিবেচিত কৰিব।‘

ইপিনে, কংগ্ৰেছ বিধায়িনী দলৰ সচিবৰ পদটোত তেওঁক নিযুক্তি দিছিল যদিও তাৰ পৰা পদত্যাগ কৰে ৰূপজ্যোতি কুৰ্মীয়ে। এই পদটো নৱ নিৰ্বাচিত কংগ্ৰেছৰ যুৱ তথা মহিলা যিকোনো এগৰাকী বিধায়কক প্ৰদান কৰিব লাগে বুলিও প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বলৈ কুৰ্মীয়ে আহ্বান জনায় কুৰ্মীয়ে।

Related News