NORTHEAST NOW (Assamese)
জীৱনশৈলী

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 3, 2025 6:30 am

কেতিয়াবা ৰাতিপুৱা শুই উঠাৰ লগে লগে মূৰত তীব্ৰ বিষ অনুভূত হয়। বহুতে ইয়াক সৰু কথা বুলি ভাবলেও, বিশেষজ্ঞৰ মতে এই উপসর্গ আঁৰত গুৰুতৰ স্বাস্থ্য সমস্যা লুকাই থাকিব পাৰে।

বিশেষকৈ, যদি আপুনি নিশা সুৰাপান নকৰাকৈয়ে ৰাতিপুৱা উঠাৰ লগে লগে মূৰৰ বিষত ভোগে, তেন্তে সেইটো আন কিছুমান গুৰুতৰ স্বাস্থ্য সমস্যা বা ৰোগৰ লক্ষণ হ’ব পাৰে। এই বিষয়ে চিকিৎসকসকলে কিছু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে।

মূৰৰ বিষৰ সম্ভাৱ্য কাৰণসমূহ

চিকিৎসকমতে, পুৱা উঠাৰ পিছত মূৰৰ বিষ হোৱাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল সম্পূৰ্ণ টোপনিৰ অভাৱ। সেই সৈতে, স্লিপ এপনিয়া নামৰ এটা অৱস্থাও ইয়াৰ মূল কাণ হ’ব পাৰে। স্লিপ এপনিয়াত টোপনিৰ সময়ত শৰীৰত অক্সিজেনৰ পৰ্যাপ্ত যোগান নোহোৱাৰ বাবে মূৰৰ বিষ দেখা দিয়ে।

মাইগ্ৰেইন, মানসিক চাপ, ডিহাইড্ৰেচন, চাইনাছ সমস্যা, আৰু কেতিয়াবা মাথাৰ আঘাতৰ ফলস্বৰূপেও পুৱা উঠাৰ লগে লগে মূৰৰ বিষ হ’ব পাৰে।

চিকিৎসকে এই ক্ষেত্ৰত কয়—যদি হেংঅভাৰ হৈছে তেন্তে নিমু পানী বা আইচক্ৰীম খালে কিছু উপশম পোৱা যায়। কিন্তু অনিয়মিতভাৱে বা প্ৰায়ে এনেকুৱা উপসৰ্গ দেখা দিলে বিষয়টোক গুৰুত্বসহকাৰে ল’ব লাগে। এনে ক্ষেত্ৰত স্বাস্থ্য পৰীক্ষা কৰাটো অত্যাৱশ্যক

চিকিৎসকসকলে পৰামৰ্শ দিছে যে যদি আপুনি প্ৰায়েই পুৱা উঠাৰ লগে লগে মূৰৰ বিষ অনুভৱ কৰে, তেন্তে দেৰী নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব। একাধিক স্বাস্থ্য সমস্যাৰ বাবে এই উপসৰ্গ দেখা দিব পাৰে। সঠিক পৰীক্ষাৰ মাধ্যমেৰে ৰোগ চিনাক্ত কৰি তাতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটোৱেই সঠিক পথ।

মূৰৰ বিষক সাধাৰণ বুলি ভাবি উপেক্ষা কৰাৰ ফলত পৰৱৰ্তী সময়ত বড় সমস্যা দেখা দিব পাৰে। বিশেষজ্ঞৰ মতে, একে ধৰণৰ মূৰৰ বিষ যদি নিয়মিতভাৱে অনুভৱ হয়, তেন্তে সময়মতে চিকিৎসা গ্ৰহণ কৰাটোৱেই বুদ্ধিমানৰ কাম