NORTHEAST NOW (Assamese)

ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

June 15, 2020 5:00 pm · এন ই নাও নিউজ
Updated: June 15, 2020 5:06 pm
প্ৰতিনিধিত্বমূলক ফ'টো

ভাৰত-চীন লাডাখ সীমান্তৰ উত্তেজনাকলৈ এতিয়াও আশ্বস্ত হোৱা নাই দেশবাসী।

তেনে সময়তে এক কূটনৈতিক সূত্ৰই প্ৰকাশ কৰিছে যে ভাৰত-চীন লাডাখ সীমান্তৰ বিবাদ নিষ্পত্তিৰ বাবে ৰাছিয়াই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।

অৱশ্যে ইয়াৰ সমান্তৰালভাৱে ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় কৌশল প্ৰস্তুত বিষয়ৰো ত্ৰিপাক্ষিক আলোচনা হোৱাৰো সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

স্বাভাৱিকভাৱেই আসন্ন বৈঠকত ভাৰত-চীনৰ বিবদামান পৰিস্থিতিত দুই দেশৰ মাজত এক আস্থাবৰ্ধক বাতাবৰণ সৃষ্টিৰ প্ৰয়াস কৰাৰ চেষ্টা কৰা হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰে।

কিছুদিনৰ পৰা ৰাছিয়াই বিবৃতিৰ জৰিয়তে জনাই আহিছে যে, ভাৰত-চীনৰ সম্পৰ্ক যথেষ্ট উত্তেজনামূলক হৈ আছে। নতুন দিল্লীয়ে ইতিমধ্যে এই বিষয়ত মস্কোৰ সৈতে কথা পাতিছে।

ইয়াৰ দ্বাৰা ৰাছিয়াই মধ্যস্ততাকাৰীৰ ভূমিকা নল’লেও দুই দেশৰ মাজত এক গুৰুত্বপূৰ্ণ অৱস্থান গ্ৰহণৰ বাবে উদ্যোগ লোৱাৰ ইঙ্গিত পোৱা গৈছে।

কূটনৈতিক সূত্ৰটোৰ মতে এইক্ষেত্ৰত ভাৰতে যাতে আমেৰিকাৰ ওপৰত অধিক নিৰ্ভৰশীল নহয় তাৰ বাবেই মস্কোৱে ভাৰত-চীন বিবাদক অগ্ৰাধিকাৰ দিব খুজিছে।

ইফালে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি দাবী কৰিছে ভাৰতৰ স্থল সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰবণে।

উল্লেখ্য যে, ভাৰত-চীন লাডাখ সীমান্তৰ বিবাদ মোচনৰ বাবে ইতিমধ্যে দুই দেশৰ মাজত ১০ দিনীয়া সেনা পৰ্যায়ৰ বৈঠক অব্যাহত আছে।

স্থলসেনা প্ৰধান নৰবণে কৈছে, ‘নিৰন্তৰ আলোচনাৰ দ্বাৰা দুই দেশৰ মত পাৰ্থক্য সীমাংসা কৰিব পাৰিম বুলি মই আশাবাদী। এতিয়াও সকলোবোৰ নিয়ন্ত্ৰণত আছে।’

ইফালে কংগ্ৰেছ নেতা আহমদ পেটেল মোদী চৰকাৰক আক্ৰমণ কৰি কয়, ‘চীনে আমাৰ ভূখণ্ড দখল কৰিছে। এই সময়ত মনত ৰখা দৰকাৰ কোন প্ৰধানমন্ত্ৰী কিমানবাৰ চীন ভ্ৰমণ কৰিছিল। নেহৰু, ৰাজীৱ গান্ধী, নৰসিংহ ৰাও, বাজপেয়ী এবাৰকৈ গৈছিল। মনমোহন সিং দুবাৰ গৈছিল। বাকী কোনো প্ৰধানমন্ত্ৰীয়ে চীনলৈ যোৱা নাই। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচবাৰকৈ চীনলৈ গৈছিল, তাকো চাৰিবাৰ মুখ্যমন্ত্ৰী হৈ থাকোতে।’

Related News