NORTHEAST NOW (Assamese)
Popular Stories

উজ্জয়নৰ মহাকাল মন্দিৰৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত গেংষ্টাৰ বিকাশ ডুবেক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 2:49 pm
vikas-dubey-new

হত্যা, অপহৰণ, বলাৎকাৰকে ধৰি ৬০ টাৰো অধিক গোচৰত অভিযুক্ত কুখ্যাত গেং ষ্টাৰ বিকাশ ডুবে অৱশেষত আৰক্ষীৰ জালত পৰিল।

উত্তৰ প্ৰদেশৰ চুবেপুৰৰ বিক্ৰু নামৰ গাঁও খনত পাঁচ দিন পূৰ্বে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলক আক্ৰমণ চলাই ৮ জনকৈ আৰক্ষীৰ প্ৰাণ কাঢ়ি নিয়া বিকাশ ডুবে আক্ৰমণৰ ঘটনাটোৰ পিছৰে পৰা পলাতক হৈ আছিল।

৫দিন ধৰি আৰক্ষীয়ে চাৰিখনকৈ ৰাজ্যত অভিযান চলোৱাৰ অন্তত বৃহষ্পতিবাৰে মধ্যপ্ৰদেশৰ উজ্জয়নৰ মহাকাল মন্দিৰত পূজা কৰি ওলাই অহাৰ সময়তে আৰক্ষীৰ জালত পৰে কুখ্যাত অপৰাধী ডুবে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে বৃহষ্পতিবাৰে পুৱা বিকাশ ডুবেই মহাকাল মন্দিৰত পূজা কৰাৰ পূৰ্বে পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ মন্দিৰতে থকা দোকান এখনলৈ গৈছিল

দোকানীয়ে গেং ষ্টাৰ বিকাশ ডুবেৰ সৈতে বস্তু কিনিবলৈ অহা লোকজনৰ সাদৃশ্য ধৰিব পাৰে  আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে তৎপৰতাৰে উক্ত স্থানত উপস্থিত হৈ পূজা কৰি ওলাই অহা অৱস্থাত বিকাশ ডুবেক কৰায়ত্ত্ব কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিকাশ ডুবেই ফৰিদাবাদৰ এখন হোটেলত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলি জনাৰ পিছতেই নিজৰ গাড়ীৰে প্ৰায় ৭০০ কিলোমিটাৰ যাত্ৰা কৰি উজ্জয়নত উপস্থিত হৈছিল।