NORTHEAST NOW (Assamese)

চিনাকী লোকৰেই ধৰ্ষণৰ বলি হয় অধিকাংশ মহিলা : এনচিআৰবিৰ প্ৰতিবেদন

December 17, 2023 11:20 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 17, 2023 12:22 pm

শেহতীয়াকৈ প্ৰকাশ পাইছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ ক্ৰাইম ইন ইণ্ডিয়া ২০২২ৰ প্ৰতিবেদন।  এই প্ৰতিবেদনত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত অপৰাধ কাণ্ডৰ তথ্য সন্নিবিষ্ট কৰা হৈছে। এই প্ৰতিবেদনত এক চাঞ্চল্যকৰ তথ্য ওলাইছে। 

দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হয় ধৰ্ষণৰ দৰে ঘটনা। এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি বেছিভাগ মহিলাই চিনাকি মানুহৰে ধৰ্ষণৰ বলি হয়।

 এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে  ৰাজস্থানত। তাত ৫ হাজাৰ ৩৯৯ টা ধৰ্ষণৰ অভিযোগ দাখিল কৰা হৈছে। ইয়াৰে অধিকাংশ মহিলাই নিজৰ চিনাকী বা আত্মীয় ব্যক্তিৰ ধৰ্ষণৰ বলি হৈছে।

 প্ৰতিবেদন অনুসৰি যোৱা বছৰ ৰাজস্থানত ৫৭৬টা ধৰ্ষণ মহিলাৰ পৰিয়ালৰ সদস্যই কৰিছিল। ১৪৯৩টা গোচৰৰ অভিযুক্তসকল আছিল বন্ধু, লাইভ ইন পাৰ্টনাৰ বা প্ৰাক্তন স্বামী।

 এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি ৫৩৯৯টা ধৰ্ষণৰ গোচৰৰ ভিতৰত ২৬৮টা গোচৰত অভিযুক্তক চিনাক্ত কৰিব পৰা নাছিল ভুক্তভোগীয়ে।

Related News