NORTHEAST NOW (Assamese)

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় মেচ

December 11, 2020 12:57 pm · এন ই নাও নিউজ

বিশ্বৰ সৰ্বৃবহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰা (চৰ্দাৰ পেটেল ক্ৰিকেট ষ্টেডিয়াম)ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ।

অহা বৰ্ষত ইংলেণ্ড আৰু ভাৰতৰ মাজত হ’বলগীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট মেচ ২৪ ফেব্ৰুৱাৰিত গুজৰাটৰ আহমদাবাদস্থিত নৱনিৰ্মিত মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

নৱনিৰ্মিত ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে হ’বলগীয়া এই মেচখন হ’ব দিবা-নৈশ টেষ্ট মেচ।

চাৰিখনীয়া টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচো (৪-৮ মাৰ্চ) এই ষ্টেডিয়ামখনতে অনুষ্ঠিত হ’ব।

বিচিচিআইৰ সচিব জয় শ্বাহে বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে আহমদাবাদৰ মোটেৰা ষ্টেডিয়ামত নতুন বছৰত ৭খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰে দুখন টেষ্ট আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁক স্বাগতম জনোৱাৰ উদ্দেশ্যে ভাৰত চৰকাৰে আয়োজন কৰা ‘নমস্তে ট্ৰাম্প’ কাৰ্যসূচীৰ পিছতেই নৱনিৰ্মিত এই ক্ৰিকেট ষ্টেডিয়ামখন বিশ্ববাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।

Related News