NORTHEAST NOW (Assamese)

বজালীত মৰ্মান্তিক ঘটনা; মাতৃ-কনমানি পুত্ৰৰ একেলগে আত্মহত্যা

December 28, 2021 3:20 pm · শশাংক তালুকদাৰ, বজালী
ফটো: নৰ্থইষ্ট নাও।

বজালীৰ শুকিলাৰপাৰ-কলবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। একেলগে মাতৃ আৰু কণমানি পুত্ৰই কৰিলে আত্মহত্যা।

বাঘমাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী মৃদুল বৈশ্যৰ পত্নী শিখা বৈশ্য আৰু তিনিবছৰীয়া পুত্ৰ নিশিত বৈশ্যক সোমবাৰে নিশা নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ।

আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও স্বামী মৃদুল বৈশ্যই মন্তব্য কৰে যে কিছুদিন ধৰি মানসিক চাপত ভুগি আছিল শিখা বৈশ্য।

Also Read: নগাঁৱৰ জুৰীয়াত ১০বছৰীয়া নাবালিকাক নৃশংস হত্যা

বাঘমাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুই মাতৃ-পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

ঘটনা সংক্ৰান্তত আৰক্ষীক শিখা বৈশ্যৰ স্বামী মৃদুল বৈশ্যই এক এজাহাৰ দাখিল কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News