NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত মৃত্যুঞ্জয় সেৱাৰ মৃত্যু ঘণ্টা; ই-ৰিক্সাতে প্ৰসূতিৰ সন্তান প্ৰসৱ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা September 22, 2019 2:25 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত  ঝৰাৰবড়ীগাঁৱত আজি পুৱা ৰাজপথত এখন ই-ৰিক্সাতে এগৰাকী প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কৃষ্ণাইৰ শাকোমৰী গাঁৱৰ নিৱাসী হুনা আলীৰ পত্নীৰ পুৱা প্ৰায় ৬ বজাত প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ লগে লগে প্ৰসূতি গৰাকীক কৃষ্ণাই ৰাজ্যিক চিকিৎসালয়লৈ নিয়াৰ বাবে পৰিয়ালৰ লোকে ১০৮ সেৱাত ফোন কৰে।

কিন্তু মন কৰিব লগীয়া যে  পুৱা ৬ বজাৰ পৰা ১০৮ সেৱাত ফোন কৰি থকাৰ পিছতো ১০৮ৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে পৰিয়ালৰ লোকে।

উপায়বিহীন হৈ অৱশেষত দিনহাজিৰা কৰা হুনা আলীয়ে  এখন ই ৰিক্সাতে নিজৰ পত্নী তথা প্ৰসূতি গৰাকীক  চিকিৎসালয় লৈ নিয়ে। কিন্তু চিকিৎসালয় গৈ নৌপাওঁতেই ঝৰাৰবড়ীৰ পথাৰৰ সমীপতে ই-ৰিক্সাতে প্ৰসূতি গৰাকীয়ে সন্তান জন্ম দিয়ে।

প্ৰায় চাৰি ঘণ্টা ধৰি  ফোন কৰি থকাৰ পিছতো ১০৮ সেৱাই কোনো গুৰুত্ব প্ৰদান নকৰাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ইফালে সন্তান জন্মৰ পিছত গুৰুতৰভাবে অসুস্থ হৈ পাৰ প্ৰসূতি গৰাকীক এখন ব্যক্তিগত বাহনত গোৱালপাৰালৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে।