NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত মটৰচাইকেল আৰোহী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 22, 2019 1:40 pm
Bike accident Bokakhat

মৰিগাঁৱত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে থিতাতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে পুৱা এ এছ ২১ জি ২৯৪৫ নম্বৰৰ এখন পালচাৰ বাইকখনৰ আৰু এ এছ ০১ এইচ চি ৯৪৪৫ নম্বৰৰ এখন তীব্ৰ বেগী ড্ৰাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

ফলত মটৰচাইকেলখনৰ চালকজনে দুৰ্ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয় আৰু আনজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পিছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আঘাতপ্ৰাপ্ত লোকজনক তাৎক্ষণিকভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে দুয়োখন বাহন নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে। বাতৰি লিখা পৰলৈকে দুৰ্ঘটনাত হতাহত কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।