NORTHEAST NOW (Assamese)

সন্তানৰ দৰে ৩৮৫ডাল গছ এৰি থৈ জীৱনৰ পৰা চিৰবিদায় মাগিলে গছবোৰৰ ‘মাতৃ’ ছালুমাৰাদা থিম্মাক্কাই

November 16, 2025 9:48 am · এন ই নাও নিউজ, গুৱাহাটী

সন্তানৰ দৰে সৰুৰ পৰা ডাঙৰ কৰা ৩৮৫ ডাল গছ আজি অনাথ হৈ পৰিল। গছবোৰৰ ‘মাতৃ’ ছালুমাৰাদা থিম্মাক্কাৰ দেহাৱসান ঘটিছে। ছালুমাৰদা থিম্মাক্কা সমগ্ৰ দেশৰ বাবে “বৃক্ষমাতা হিচাপে পৰিচিত আছিল।

বহুতৰে প্ৰেৰণাস্বৰূপ এই পৰিবেশ যোদ্ধা আৰু নাই। বেংগালুৰুৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বিদায়ে প্ৰকৃতিপ্ৰেমীসকলৰ মনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে যদিও তেওঁ এৰি থৈ গৈছে এক অসাধাৰণ সেউজ পৰিবেশ।

থিম্মাক্কাৰ জন্ম হৈছিল বিংশ শতিকাৰ আৰম্ভণিতে কৰ্ণাটকৰ টুমাকুৰু জিলাৰ হুলিকাল গাঁৱত। স্বামী চিক্কাইয়াৰ সৈতে পৰিৱেশ ৰক্ষাৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল। পথৰ দাঁতিৰ নিৰ্জন ঠাইত ইটোৰ পিছত সিটোকৈ গছপুলি ৰোপণ কৰিছিল। বছৰ বছৰ ধৰি তেওঁলোকে ৩৮৫ ডাল বট গছক লালন-পালন কৰিছিল। এই গছৰ শাৰীয়েই তেওঁৰ নামৰ কাষত যুক্ত কৰিছিল “ছালুমাৰাদা” উপাধি, যাৰ অৰ্থ কানাড়া ভাষাত ‘গছৰ শাৰী’।

থিম্মাক্কাৰ কাম কেৱল গছ ৰোপণেই নাছিল, পৰিৱেশৰ প্ৰতি মানুহক সচেতন কৰাও আছিল। তেওঁৰ এই পদক্ষেপ দেখি দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী, সাধাৰণ মানুহ আৰু বিভিন্ন সংগঠনে গছপুলি ৰোপণৰ বাবে অনুপ্ৰাণিত হৈছে। তেওঁ সকলোকে বুজাই দিলে যে পৰিবেশক ভাল পাবলৈ বহুত টকা বা বিশেষ সুবিধাৰ প্ৰয়োজন নহয়। প্ৰয়োজন মাথোঁ ইচ্ছা আৰু দায়িত্ববোধ।

থিম্মাক্কাই জীৱনত বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল। কিন্তু তেওঁৰ সাধাৰণ জীৱন যাপন আৰু প্ৰকৃতিৰ ওচৰত থকাৰ নীতি কেতিয়াও সলনি নহ’ল। তেওঁ নিয়মিতভাৱে পৰিৱেশ সুৰক্ষাৰ কথা কৈছিল আৰু যুৱক-যুৱতীসকলক শিকাইছিল যে এজোপা গছ মানে ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ। ২০১৯ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা তেওঁ পদ্মশ্ৰী বঁটা গ্ৰহণ কৰে।

যদিও ছালুমাৰাদা থিম্মাক্কাৰ মৃত্যুৱে এটা যুগৰ অন্ত পেলালে, তথাপিও তেওঁ এৰি থৈ যোৱা সেউজ উত্তৰাধিকাৰ সদায় বৰ্তি থাকিব। তেওঁ ৰোপণ কৰা গছ আৰু তেওঁ বিয়পাই দিয়া বাৰ্তাই ভৱিষ্যত প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ শিকাইছে। তেওঁৰ কৰ্মই আজি তেওঁৰ জীৱন্ত স্মৃতি।

Related News