NORTHEAST NOW (Assamese)

মাদাৰ অ’ল্ড এইজ হোমে বিচাৰি পাইছে স্থায়ী ঠিকনা : যোৱা ৬ বছৰত স্থান সলনি কৰিছিল ১২ বাৰ

August 22, 2018 2:15 pm · কল্পজ্যোতি শইকীয়া
Updated: August 22, 2018 3:07 pm
মাদাৰ অ'ল্ড এইজ হোমৰ বৃদ্ধ-বৃদ্ধাসকল।

অসমৰ সদ্য প্ৰয়াত এজন প্ৰখ্যাত ইঞ্জিনীয়াৰ তথা এসময়ৰ পি চি জিৰ সদস্য মুকুল মহন্তৰ আমেৰিকাস্থিত পুতেক অৰ্ণৱ মহন্তই নৰ্থ-ইষ্ট নাওৰ বাতৰি পঢ়ি অ’ল্ড এইজ হোম নামৰ বৃদ্ধালয়খনলৈ এটা ঘৰৰ সৈতে থকা মহানগৰীৰ এটুকুৰা মাটি কম দামতে আগ বঢ়োৱাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

ইমান দিনে এটুকুৰা নিজা মাটি আৰু এটা স্থায়ী ঘৰৰ অভাৱত এই বৃদ্ধালয়খন ভাৰাঘৰতে চলাই নিব লগীয়া হৈছে আৰু যোৱা ৬ বছৰত ১২ বাৰকৈ স্থান সলাব লগীয়া হৈছে।

কিন্তু এই বাতৰি নৰ্থ-ইষ্ট নাওত পঢ়িবলৈ পোৱাৰ পিছতে আমেৰিকাত থকা অৰ্ণৱ মহন্তই বৃদ্ধালয়খনলৈ কম দাম আৰু কিস্তি পদ্ধতিত ধন দিয়াৰ চৰ্তেৰে নুনমাটিৰ লক্ষ্মী মন্দিৰ পথৰ মদঘৰীয়াৰ ১১ নং ঘৰটো আৰু ঘৰটো থকা মাটি টুকুৰা দিয়াৰ সিদ্ধান্ত লৈছে। এই কথা আমাক জানিবলৈ দিলে বৃদ্ধালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি উৎপল হৰ্ষবৰ্ধনে।

উল্লেখযোগ্য যে এসময়ত আলফা-চৰকাৰৰ মাজৰ আলোচনাৰ বাবে গঠিত পি চি জিৰ সদস্য তথা উদ্ভাৱনীমূলক চিন্তা আৰু সুব্যক্তিত্বৰ অধিকাৰী, থলুৱা অৰ্থনীতিৰ প্ৰবক্তা মুকুল মহন্তৰ পুত্ৰ এই অৰ্ণৱ মহন্ত।

বৃদ্ধালয়ৰ সভাপতিজনে নৰ্থ-ইষ্ট নাওক জনোৱামতে, অৰ্ণৱ মহন্তৰ নুনমাটিস্থিত লক্ষীমন্দিৰ পথৰ মদঘৰীয়াৰ ১১ নং ঘৰটোত বৃদ্ধালয়খন স্থায়ীভাৱে স্থাপন কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে।

মন কৰিব লগীয়া যে অৰ্ণৱ মহন্তৰ মাক তথা মুকুল মহন্তৰ পৰিবাৰ মিনতি মহন্তও এতিয়া এই বৃদ্ধালয়খনৰ বাসিন্দা। যোৱা ২০ ডিচেম্বৰত মুকুল মহন্তৰ পৰলোক ঘটিছিল। দেউতাক মুকুল মহন্তৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰা তেওঁৰ মাকক অৰ্ণৱ মহন্তই বৃদ্ধাৱাসটোত থৈ গৈছিল।

মিনতি মহন্তই ইতমধ্যে স্মৃতিশক্তি হেৰুৱাই পেলোৱা বুলি বৃদ্ধালয়খনৰ সূত্ৰই কয়।

“মিনতি মহন্ত নামৰ আইতাগৰাকীয়ে ইতিমধ্যে সম্পূৰ্ণৰূপে স্মৃতিশক্তি হেৰুৱাই পেলাইছে। তেওঁক এই অৱস্থাত আমেৰিকালৈ নিয়াটো সম্ভৱ নহয় বাবে পুত্ৰ-বোৱাৰীয়ে তেওঁক বৃদ্ধাশ্ৰমত থৈ গৈছে। মাজে-সময়ে তেওঁলোক আহি মাকক দেখা কৰি যায়।” এইদৰে কয় বৃদ্ধালয়খনৰ সভাপতি হৰ্ষবৰ্ধনে।

আনহাতে, অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত তেওঁলোকে উক্ত ঘৰটোলৈ তেওঁলোকৰ বৃদ্ধাৱাসখন স্থানান্তৰ কৰিব বুলি জানিবলৈ দিয়ে।

ঘৰটোৰ চাফ-চিকুণ তথা মেৰামতিৰ প্ৰয়োজন থকা বুলি জনোৱাৰ লগতে কোনো সদাশয় লোকক এই ক্ষেত্ৰত তেওঁলোকক সহায়-সহযোগিতা আগ বঢ়াবৰ বাবেও অনুৰোধ জনায়।

তেওঁ কয়, “ঘৰটো সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা নাই। মাহেকীয়া কিস্তি হিচাপত ঘৰ আৰু মাটিখিনিৰ মূল্য পৰিশোধ কৰিব লাগিব আৰু এই ক্ষেত্ৰত কিছু ৰেহাই পোৱা যাব।”

উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে বৰ্তমান পূব জ্যোতিনগৰস্থিত ঘৰ নং ৭৫ত অস্থায়ীভাৱে থকা উক্ত বৃদ্ধাৱাসটো খালী কৰি দিয়াৰ নিৰ্দেশ দিছিল মালিকপক্ষই। লগতে বৃদ্ধ ককা-আইতাসকলক পানীৰ যোগান ধৰা নাছিল। সেই খবৰটো আমাৰ নৰ্থ-ইষ্ট নাওত প্ৰকাশ পাইছিল আৰু সেইটো পঢ়িয়েই আমেৰিকাৰ পৰা অৰ্ণৱ মহন্তই এই সিদ্ধান্ত লোৱা বুলি উৎপল হৰ্ষৱৰ্ধনে আমাক জনায়।

বৃদ্ধাৱাসৰ পৰিচালনা সমিতিয়ে আমাক জনোৱা মতে, ইয়াত বৰ্তমান ৬০গৰাকী ককা-আইতা আছে।

Related News