NORTHEAST NOW (Assamese)

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, নিজৰ তিনিমহীয়া কন্যা সন্তানক হত্যা কৰিলে মাতৃয়ে

October 25, 2021 7:16 pm · এন ই নাও নিউজ,গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

পৰকীয়া প্ৰেমৰ পৰিণতি কিমান কৰুণ হ’ব পাৰে সেই কথাৰ প্ৰমাণ পুনৰ পোৱা গ’ল।

যি মাতৃৰ আশ্ৰয়ত শিশু এটি ডাঙৰ হয়, সামান্য দুখ পালেই শিশুতো বাদেই ডাঙৰেও ‘মা’ বুলি চিঞৰি উঠে, তেনে এগৰাকী মাতৃয়েই এইবাৰ হৈ পৰিল ঘাতক।

নিজৰ তিনিমহীয়া কন্যা সন্তানক হত্যা কৰি অপযশৰ পৰা ৰক্ষা পৰিব বিচৰা এইগৰাকী মাতৃ হৈছে পুনেৰ বুলধানা অঞ্চলৰ বাসিন্দা।

মহাৰাষ্ট্ৰৰ নুকচান জিলাৰ এজন লোকৰ সৈতে আছিল এই মহিলাগৰাকীৰ অবৈধ সম্পৰ্ক।

বিষয়টোকলৈ মহিলাগৰাকীৰ সৈতে তেওঁৰ স্বামীৰ প্ৰায়ে কাজিয়া লাগিছিল।

অৱশেষত মহিলাগৰাকীয়ে তেওঁৰ ১৩ বছৰীয়া পুত্ৰ সন্তানক লগতলৈ স্বামীৰ ওচৰৰ পৰা গুচি আহে আৰু বেলেগকৈ থাকিবলৈ লয়। ইয়াৰ মাজতে মহিলাগৰাকী গৰ্ভৱতী হয়।

পৰকীয়া প্ৰেমৰ পৰিণতিতে মহিলাগৰাকী গৰ্ভৱতী হোৱা বুলি বহুতে ধাৰণা কৰিছে।

যিকিনহওঁক মহিলাগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে। কন্যা সন্তানটিৰ বয়স তিনিমাহ হওঁতেই মহিলাগৰাকীয়ে ডিঙি চেপি সন্তানটিক হত্যা কৰে এটা প্লাষ্টিকৰ মোনাত ভৰাই মৃতদেহটো নৈৰ পাৰত পেলাই থৈ আহিবলৈ ১৩ বছৰীয়া পুত্ৰ সন্তানক নিৰ্দেশ দিয়ে।

সেইমতে মহিলাগৰাকীৰ ১৩ বছৰীয়া পুত্ৰ সন্তানে ভনীয়েকৰ মৃতদেহটো নৈৰ পাৰত পেলাই থৈ আহে।

ইপিনে কিছুদিন ধৰি মহিলাগৰাকীৰ কন্যা সন্তানটি নেদেখি ওচৰ চুবুৰীয়াৰ সন্দেহ হবলৈ ধৰে।

মহিলাগৰাকীক এই বিষয়ে প্ৰশ্ন কৰি সদুত্তৰ নোপোৱাত ওচৰ চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে মহিলাগৰাকী থকা স্থানত উপস্থিত হৈ মহিলাগৰাকীক জেৰা চলায়। জেৰাত মহিলাগৰাকীয়ে সকলো কথা প্ৰকাশ কৰে।

পুনেৰ আৰক্ষীয়ে নিজৰ সন্তানকে হত্যা কৰা মহিলাগৰাকীক আজি গ্ৰেপ্তাৰ কৰে।

লগতে মাকৰ নিৰ্দেশত মৃতদেহ পেলাই থৈ অহা মহিলাগৰাকীৰ ১৩ বছৰীয়া পুত্ৰ সন্তানকো আৰক্ষীয়ে নিজৰ জিম্মালৈ নিছে।

নিদাৰুণ মাতৃৰ এনে জঘন্য কাণ্ডই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News