NORTHEAST NOW (Assamese)
Popular Stories

সামাজিক মাধ্যমত ভাইৰেল ‘বাঘ’ৰ এটি ভিডিও, মুহিছে অসংখ্য জনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2021 8:41 pm
Viral video of tiger

সামাজিক মাধ্যমত অজস্ৰজনৰ হৃদয় জিনিছে এটা সৰু ভিডিঅ’ই। নিজ সন্তানৰ প্ৰতি থকা মাতৃৰ আকুল মৰম প্ৰকাশিত হৈছে ভিডিঅ’টোত। অৱশ্যে ভিডিঅ’টোত থকা মাতৃ বা সন্তান মানুহ নহয়, বাঘহে।

ভাৰতীয় প্ৰশাসনিক বিষয়া আৰু তামিলনাডুৰ পৰিৱেশৰ প্ৰধান সচিব সুপ্ৰিয়া চাহুৱে টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ’টোত নীলগিৰিৰ গেদই বান্ধৰ ওচৰত এগৰাকী মাতৃ বাঘে তিনিটা পোৱালীক পথ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টোত তিনিটা পোৱালী প্ৰায় অৰণ্যৰ মাজত হেৰাই যোৱা যেন দেখা গৈছে। পোৱালী কেইটাই তেওঁলোকেসিহঁতৰ মাক যোৱা দিশলৈ চাই থাকোঁতে কিছু দূৰৈৰ পৰা মাতৃ বাঘজনীয়ে এক মুহূৰ্তৰ বাবে ৰৈ নিজৰ পোৱালীবোৰৰ বাবে ঘূৰি চায়।

 

এই সৰু ভিডিঅ’টোৱেই অনলাইনত এতিয়া খলকনি তুলিছে আৰু অজস্ৰজনৰ হৃদয় জিনিছে। চাহুৱে টুইটটোত মাতৃ বাঘজনীয়ে পোৱালীবোৰক শৃংখলাবদ্ধতাৰ জ্ঞান দিয়া যেন অনুভৱ হৈছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে বনাঞ্চলত এনে মুহূৰ্তবোৰ সাধাৰণতে কেতিয়াবাহে কেমেৰাত বন্দী হয়। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছত ২৪,০০০ ৰো অধিক দৰ্শকে দৰ্শন কৰিছে আৰু বিভিন্নজনে ভিডিঅ’টোৰ প্ৰশংসা কৰিছে।