NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণা ভাইৰাছৰ নতুন লক্ষণ চিনাক্ত, কি সেই লক্ষণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 10:04 am
symptoms-cold-flu-corona-

মহামাৰী ক’ৰ’ণাই এতিয়া সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্বত ১৩.৬ নিযুতৰো অধিক লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। মৃত্যু ঘটিছে ৫৮৬,৪২৩ গৰাকী লোকৰ।

ক’ৰ’ণা ভাইৰাছৰ লক্ষণ বুলি ক’লে আমি সাধাৰণত জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আৰু কেতিয়াবা বমিৰ লক্ষণৰ কথাই জানি আহিছো।

কিন্তু ক’ৰ’ণাৰ এনে লক্ষণ সমূহৰ উপৰিও আন এক লক্ষণ চিনাক্ত কৰি উলিয়াবলৈ সক্ষম হৈছে স্পেইনৰ এদল স্বাস্থ্য বিজ্ঞানীয়ে।

স্পেইনৰ মাদ্ৰিদত থকা ইউনিভাৰ্চিটি হস্পিতাল ৱাই কাজালৰ চিকিৎসা বিজ্ঞানীৰ দলে গৱেষণা তথা পৰ্যবেক্ষণৰ অন্তত এই কথাত নিশ্চিত হৈছে যে ক’ৰ’ণাত আক্ৰান্ত লোক এজনৰ দেহত জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আদিৰ উপৰি আন এক লক্ষণে দেখা দিব পাৰে।

সেই লক্ষণ হৈছে মুখৰ ভিতৰত হোৱা ঘা।

চিকিৎসা প্ৰতিষ্ঠানটোৰ গৱেষক ডা.জুৱান জিমেনেজে সদৰী কৰা অনুসৰি জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আদি লক্ষণ নাথাকিলেও যদি কাৰোৱাৰ মুখৰ ভিতৰত ঘা হয় তেন্তে তেওঁ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

এই প্ৰসংগত তেওঁ এই বুলি কৈছে যে এপ্ৰিল মাহত ক’ৰ’ণাত আক্ৰান্ত হোৱা ২১ গৰাকী ৰোগীৰ ক্ষেত্ৰত পৰ্যবেক্ষণ চলাই এই কথা নিশ্চিত কৰা হৈছে যে ইয়াৰে ৬ গৰাকী ৰোগীৰ মুখ গহ্বৰত ঘাৰ সৃষ্টি হৈছিল।

ঘাৰ সৃষ্টি হোৱা ৬ গৰাকী ৰোগীৰ ভিতৰৰে আকৌ ৪ গৰাকীয়েই মহিলা বুলি তেওঁ প্ৰকাশ কৰিছে।

ইতিমধ্যে জামা ডাৰমাট’ল’জি জাৰ্নালত এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছে।

মুখ গহ্বৰত ঘা হোৱা ৰোগী সকলৰ বয়স ৪০-৬৯ বুলি গৱেষক গৰাকীয়ে কৈছে।

সেয়ে জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আদিৰ লক্ষণ নাথাকিলেও মুখৰ ভিতৰত হোৱা ঘাকো হয়তো অৱজ্ঞাৰ দৃষ্টিৰে চোৱা উচিৎ নহ’ব