NORTHEAST NOW (Assamese)

কৃষি আইন পুনৰ উত্থাপনৰ ইঙ্গিত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ

December 25, 2021 5:51 pm · এন ই নাও নিউজ, গুৱাহাটী

তিনি কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি কৃষকৰ তীব্ৰ প্ৰতিবাদৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰা তিনিখন কৃষি আইন পুনৰ প্ৰৱৰ্তন কৰিব পাৰি।কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে শুকুৰবাৰে মহাৰাষ্ট্ৰত এক অনুষ্ঠানত এইদৰে কয়।

তোমৰে বিতৰ্কিত কৃষি আইন বাতিলৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট লোকক দোষাৰোপ কৰি পুনৰ উত্থাপনৰ ইঙ্গিত দিয়ে।

“আমি কৃষি সংশোধনী আইন আনিছিলো। কিন্তু কিছুমান লোকে এই আইনসমূহ পছন্দ কৰা নাছিল। এই আইন সমূহ স্বাধীনতাৰ ৭০ বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক ডাঙৰ সংস্কাৰ আছিল।” কৃষি মন্ত্ৰীগৰাকীয়ে কয়।

“কিন্তু চৰকাৰ হতাশ নহয়। আমি এখোজ পিছুৱাই গৈছো আৰু আমি পুনৰ আগবাঢ়িম কাৰণ কৃষকসকল ভাৰতৰ মেৰুদণ্ড।” তেওঁ লগতে কয়।

উল্লেখ্য যে সুদীৰ্ঘ এবছৰীয়া কৃষক আন্দোলনৰ ফলশ্ৰুতিত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। ইয়াৰ কিছুদিন পিছতে সংসদত কৃষি আইন বাতিল বিধেয়ক গৃহীত হয়।

আনহাতে মোদী চৰকাৰৰ এই সিদ্ধান্তক কৃষকৰ প্ৰতি প্ৰকৃতাৰ্থত সদিচ্ছাৰ বিপৰীতে নিৰ্বাচনী প্ৰপাগাণ্ডাৰ অংশ বুলিহে সন্দেহ প্ৰকাশ কৰিছিল বিৰোধীয়ে। নিৰ্বাচনৰ পিছতেই এই আইন সমূহ পুনৰ আনিব পাৰে বুলি বিৰোধীয়ে মত পোষণ কৰিছিল।

এতিয়া কৃষি মন্ত্ৰীৰ মন্তব্যৰ পিছতে বিৰোধীৰ এই সন্দেহেই বাস্তৱায়িত হোৱাৰ আশংকা প্ৰকাশিত হৈছে।

Related News