NORTHEAST NOW (Assamese)

ধৰ্ষণৰ গোচৰত চিনেমা পৰিচালক হাৰ্ভি : প্ৰমাণিত হ’ল অপৰাধ

December 21, 2022 8:53 am · এন ই নাও নিউজ, গুৱাহাটী

হলিউডৰ চিনেমা প্ৰযোজক হাৰ্ভি ৱেইনষ্টাইনৰ বিৰুদ্ধে পুনৰ ধৰ্ষণ আৰু দুটা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী ইটালিয়ান মডেলে তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ এখন আদালতত এমাহতকৈ অধিক সময় চলি থকা এই বিচাৰত হাৰ্ভিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ শুদ্ধ বুলি প্ৰমাণিত হৈছিল।

খবৰ অনুসৰি সোমবাৰৰ ৰায়দান আছিল হাৰ্ভিৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ প্ৰমাণ। ‘Me Too’ আন্দোলনৰ আটাইতকৈ ডাঙৰ মুখ হিচাপে পৰিগণিত হোৱা হাৰ্ভে ইতিমধ্যে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অপৰাধত ২৩ বছৰৰ কাৰাদণ্ড ভুগি আছে।

সোমবাৰৰ ৰায়দানৰ পিছত অভিযোগকাৰী তথা ধৰ্ষণৰ বলি হোৱা মডেলগৰাকীয়ে কয় যে, “২০১৩ চনৰ সেই নিশা হাৰ্ভিয়ে মোৰ জীৱনৰ এটা ডাঙৰ অংশ ধ্বংস কৰি পেলালে। যি মই কেতিয়াও ঘূৰাই নাপাম।” হাৰ্ভিৰ অধিবক্তাই তেওঁক সোধা-পোছা কৰি এক নাৰকীয় পৰিৱেশৰ সৃষ্টি কৰা বুলিও তেওঁ অভিযোগ কৰে।

তথ্যচিত্ৰ নিৰ্মাতা জেনিফাৰ ছিবেল নিউছমে এই সন্দৰ্ভত কয় যে হাৰ্ভিয়ে কেতিয়াও যেন আন এগৰাকী মহিলাক ধৰ্ষণ নকৰে।

Related News