NORTHEAST NOW (Assamese)

বোকাখাত নগৰৰ মাজ মজিয়াত নিশা গাড়ীৰ চেপাত অজগৰ সাপৰ মৃত্যু

October 21, 2019 8:23 am · উত্তম শইকীয়া
ফটো নৰ্থ-ইষ্ট নাও

বোকাখাত নগৰৰ মাজ মজিয়াতে যোৱা নিশা গাড়ীৰ চেপাত এটা প্ৰকাণ্ড অজগৰ সাপ নিহত হয় ৷ বোকাথাত নগৰৰ ইউনাইটেড বেংকৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত মাজনিশা সংঘটিত হয় এই ঘটনা।

অজগৰটোৱে নগৰখনৰ ৩ নং ৱাৰ্ডৰ পৰা ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি ৪ নং ৱাৰ্ডলৈ যাব বিচাৰিছিল কিন্তুু পথ অতিক্ৰম কৰোতেই তীব্ৰ বেগী গাড়ীৰ চেপাত ৰাষ্ট্ৰীয় পথৰ ওপৰতেই সাপটোৰ মৃত্যু হয়।

জানিব পৰা মতে স্থানীয় এজন যুৱকে অজগৰটোক ৰাস্তাত দেখা পাই বোকাখাত আৰক্ষী আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মীক অৱগত কৰিছিল যদিও বনকৰ্মী বা আৰক্ষী অহাৰ আগতেই গাড়ী চেপাত ইতিমধ্যে সাপটোৰ মৃত্যু হৈছিল।

অজগৰ সাপটোয়ে বনপানীত উটি আহি বোকাখাত নগৰৰ ৩ নং ৱাৰ্ডৰ বাহনীত আশ্ৰয় লৈ আছিল বুলি অনুমান কৰা হৈছে।

Related News