NORTHEAST NOW (Assamese)

তৃণমূল পর্যায়ত অগপ-কংগ্রেছৰ মিত্ৰতা অটুট আছে : গৌৰৱ গগৈ

November 30, 2018 11:54 am · উত্তম শইকীয়া
গৌৰৱ গগৈ। ফটো : নৰ্থইষ্ট নাও

অসম গণ পৰিষদ দলৰ তিনি কেবিনেট মন্ত্রী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে অচিৰেই বিজেপি দলত যোগদান কৰিব বুলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে এক চমক সৃষ্টি কৰে।

সাংসদ গৰাকীয়ে লগতে মিত্রজোঁট চৰকাৰৰ শক্তিশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মা অতিশীঘ্ৰেই অসমৰ মুখ্যমন্ত্রী হ’ব আৰু আৰ এছ এছৰ আশীষ মূৰত লৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পদত দুই এদিনতে অধিষ্ঠিত হ’ব বুলিও বোকাখাতত বিস্ফোৰক মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

তাৎপৰ্যপূৰ্ণভাৱে, বৃহস্পতি বাৰৰ দিনা বোকাখাতত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কলিয়াবৰৰ সাংসদ গৰাকীয়ে নির্বাচনী সভাত অগপ-কংগ্রেছ ভাই ভাই প্রসংগ উত্থাপন কৰি কয় যে এয়া কোনো আচৰিত কথা নহয় । শীর্ষ নেতৃত্বৰ মাজত বিভেদ থকাটো স্বাভাৱিক। কিন্তু তৃণমূল পর্যায়ত সঁচাকৈয়ে অগপ-কংগ্রেছৰ মিত্ৰতা অটুট আছে ৷

বৃহস্পতি বাৰৰ দিনা দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং বালিজান গাঁৱৰ মৰং ঘৰত বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কলিয়াবৰৰ সাংসদজনে অংশগ্রহণ কৰে।

সভাত প্রদেশ কংগ্ৰেছৰ সম্পাদক দাদু টায়ে, পৰাগ শইকীয়া, হৰিপ্ৰসাদ শইকীয়া, কংগ্ৰেছৰ বোকাখাত সমষ্টিৰ তত্ত্বাৱধায়ক তথা প্রদেশ কংগ্ৰেছৰ সম্পাদক নন্দকিশোৰ মৌৰ, ব্লক কংগ্ৰেছৰ উপ-সভাপতি কালিদাস উপাধ্যায়, গোলঘাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী মিনতি দলে, বোকাখাত ব্লক কংগ্ৰেছৰ প্রশাসনিক সাধাৰণ সম্পাদক বিমল দলে, সাধাৰণ সম্পাদক লক্ষীপ্রসাদ শইকীয়া, কাজিৰঙা জিলা পৰিষদৰ কংগ্ৰেছ প্রার্থী ৰেখামণি শর্মা, আঞ্চলিক পঞ্চায়তৰ সদস্য প্রার্থী নন্দেশ্বৰ কৰ্মকাৰ, দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ প্রার্থী মামণি দলে, দহটা ৱাৰ্ডৰ সদস্য-সদস্যাৰ লগতে ডেৰশতাধিক লোকে অংশগ্রহণ কৰে।

মন কৰিব লগীয়া যে আগন্তুক পঞ্চায়ত নির্বাচনক কেন্দ্ৰ কৰি শেহতীয়াভাৱে বোকাখাতত ৰাজনৈতিক দল সমুহৰ সক্ৰিয়তা বৃদ্ধি পাইছে ৷ ক্ৰমাৎ নির্বাচন ওচৰ চাপি অহাৰ লগে লগে প্ৰতিটো দলৰে নির্বাচনী প্রচাৰ তুংগত উঠিছে । বোকাখাত বিধান সভা সমষ্টিটো অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি হোৱাৰ বাবেই সমষ্টিটো সকলো ৰাজনৈতিক দলৰ বাবে গুৰুত্বপূৰ্ণ হৈছে।

পঞ্চায়ত নিৰ্বাচনত নিজৰ সমষ্টিটোৰ গাওঁ পঞ্চায়ত সমুহ নিজৰ দখলত ৰখাটো অতুল বৰাৰ বাবে এক প্রত্যাহ্বান হৈ পৰিছে ৷ তেনে দৰে বোকাখাত সমষ্টিত বিজেপি বা কংগ্ৰেছ কোনো পিছ পৰি থকা নাই ৷

Related News