NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীক ইডিৰ চমন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; উভতি ধৰিলে সাংসদ গৌৰব গগৈয়ে

June 13, 2022 8:24 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

কংগ্ৰেছ দলৰ শীর্ষ নেতা ৰাহুল গান্ধীক আক্রোশমূলকভাৱে এনফ’ৰ্টমেণ্ট ডিৰেক্টৰেটে দিল্লীৰ কাৰ্যালয়ত ১৩ জুন তাৰিখে উপস্থিত হ’বলৈ চমন জাৰি কৰাৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল যাত্ৰা কৰে।

গুৱাহাটীৰ লগতে আজি দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ দেখা পোৱা যায়।

তেওঁক নেচনেল হেৰাল্ড গোচৰত সোধা-পোছা কৰা হয়। আনহাতে, কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী ২৩ জুনত ইডিৰ ওচৰত হাজিৰ হোৱাৰ কথা আছে।

লগতে পঢ়ক: ৰাহুললৈ চমনঃ প্ৰতিবাদ কৰিবলৈ আহি আটক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ বহু জন

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰাহুল গান্ধীয়ে ‘তামাচা’ কৰিছে নহ’লে সমৰ্থকৰ বিশাল দল লৈ EDক ভয় খুওৱাৰ চেষ্টা চলাইছে। ৰাহুল গান্ধীয়ে নিশ্চয় কিবা ভুল কৰিছিল অন্যথা বিশাল সমদল কৰি EDৰ কাৰ্যালয়লৈ নাযায়। ৰাহুল গান্ধী এই দেশৰ এজন সাংসদ। যেতিয়া ইডিয়ে তেওঁক মাতি পঠিয়াইছিল, তেওঁ তেওঁলোকৰ সন্মুখত উপস্থিত হ’ব লাগে আৰু ইডিৰ বিষয়াসকলৰ সন্মুখত তেওঁৰ পক্ষ উপস্থাপন কৰিব লাগে। তাৰ পিছত আইনে নিজৰ পথ ল’ব। ভাৰতৰ আইন ইমানেই শক্তিশালী যে আপুনি নিৰ্দোষ হ’লে আপোনাক কেতিয়াও শাস্তি দিয়া নহ’য়।”

মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই তেওঁক উভতি ধৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। এক টুইট যোগে গগৈয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও একেদৰে তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত ব্যৱসায়, ভূমি ব্যৱহাৰ কৰা ব্যৱসায়, পিপিই কিটৰ বৰ্ধিত মূল্য আৰু চাহ বাগিচা বিকশিত কৰাৰ বাবে কংগ্ৰেছে তোলাৰ দাবীত সন্মত হোৱা উচিত।”

Related News