NORTHEAST NOW (Assamese)

বিশ্বনাথত হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

March 19, 2021 1:57 pm · কাজী জেইদুল ইছলাম

নিজৰ দলৰ প্ৰাৰ্থীৰ বাবে বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰ  চলালে সাংসদ গৌৰৱ গগৈয়ে  ৷

আজি বিশ্বনাথ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অঞ্জন বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিশ্বনাথৰ চতিয়াত উপস্থিত হয় সাংসদ গৰাকী৷

চতিয়াৰ পৰা অৰুণাচল সীমান্তৱৰ্তী বালিচাং হৈ বিশাল বাইক ৰেলীৰে পাভৈ হৈ বিশ্বনাথ ঘাটলৈকে চলোৱা হয় কংগ্ৰেছৰ  এই প্ৰচাৰ   অভিয়ান।

প্ৰচাৰ অভিযানত বিশ্বনাথকে ধৰি ইয়াৰ কাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

এই বাইক ৰেলীত প্ৰায় চাৰি সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে। এই বাইক ৰেলীত লগতে সহযোগ কৰে বিশ্বনাথৰ প্ৰাক্তন বিধায়ক নুৰজামাল চৰকাৰে ।

ৰেলীত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ শাসনত ৰাইজ অতিষ্ঠ হৈছে। সেয়ে এইবেলি বুুপুল ভোটত ৰাইজে পুনৰ কংগ্ৰেছক  বিজয়ী কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

Related News