NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগালেণ্ডত ভয়াৱহ দুৰ্ঘটনা : মধ্যপ্ৰদেশ আৰক্ষী কঢ়িয়াই অনা বাহনে প্ৰাণ কাঢ়িলে এজনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2023 8:19 am

সোমবাৰে নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে নাগালেণ্ডৰ ৱোখা জিলাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত মধ্য প্ৰদেশ আৰক্ষীৰ এজন জোৱান নিহত হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

ইয়াৰ লগে লগে ৰাজ্যখনত বিগত ২৪ ঘন্টাত ভোটগ্ৰহণকৰ্তব্যৰত অৱস্থাত পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে ১৮জন আহত হৈছে।

আৰক্ষীয়ে জনোৱা মতে, মধ্য প্ৰদেশ আৰক্ষীৰ জোৱান কঢ়িয়াই অনা এখন বাহন এন লংচামৰ সমীপত দুৰ্ঘটনাত পতিত হৈ থিতাতে এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়।

আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়। আৰু মৃতকৰ মৃতদেহ পুনৰ ৱোখা জিলা সদৰলৈ অনা হয়।

দেওবাৰে একেখন জিলাতে ভাড়াতীয়া বাহন দুৰ্ঘটনাফলত এজন অসামৰিক চালক নিহত হোৱাৰ লগতে ১৫জন নিৰ্বাচনী কৰ্মী আহত হয়।