NORTHEAST NOW (Assamese)

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত চলিছে প্ৰশাসনিক সন্ত্ৰাসবাদ, কাৰ অভিযোগ এয়া?

December 6, 2020 9:47 am · চানু গগৈ

গুণ্ডাৰাজ,সন্ত্ৰাসবাদ আৰু প্ৰশাসনিক সন্ত্ৰসবাদেৰে চলিছে তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচন ।

‘নৰ্ষ্ট ইষ্ট নাওৰ’ আগত সৰৱ হৈ  জাগীৰোডত এই মন্তব্য কৰে  ১০নং নগাওঁ সংসদীয় লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

তিৱা স্বায়ত্ত পৰিষদৰ ১৩নং নেলী খলা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন কৰিবলৈ আহি শাসকীয় গেৰুৱা দলটোক ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰে সাংসদ গৰাকীয়ে ৷

মুকলি অনুষ্ঠানত  স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাকো   তীৰ্যক ভাষাৰে সমালোচনা কৰে  তেওঁ৷

অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী বুবুল দাস, জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ   সহ মৰিগাঁও জিলা সমিতিৰ তৃণমূল কৰ্মীসকলৰ লগতে দলীয়  বিষয়ৱবীয়াসকল ।

Related News