NORTHEAST NOW (Assamese)
অসম

সাংসদ তপন কুমাৰ গগৈ দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হ’ল ক’ভিডত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 20, 2021 11:10 am
a mp

সাংসদ তপন কুমাৰ গগৈ পুনৰ কভিড পজিটিভ বুলি নিশ্চিত কৰা হৈছে।

প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ক’ভিড টেষ্ট কৰিছিল সাংসদ গৰাকীয়ে।

১৮ মাৰ্চত সাংসদ গৰাকীয়ে স্বাৱ টেষ্ট কৰিছিল। আৰু আজি টেষ্টৰ ফলাফল পজিটিভ আহে বুলি জানিব পৰা গৈছে।

স্বাৱ টেষ্ট কৰাৰ পূৰ্বে কোনো ধৰণৰ ক’ভিডৰ লক্ষণ নাছিল সাংসদ গৰাকীৰ।

ইয়াৰ পূৰ্বেও সাংসদ গৰাকী ক’ভিডত আক্ৰান্ত হৈছিল।

সাংসদ গৰাকীয়ে শিৱসাগৰৰ বিভিন্ন স্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল আৰু বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল।