NORTHEAST NOW (Assamese)
অসম

প্ৰাতঃ ভ্ৰমণ কৰিবলৈ গৈ কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু যুৱকৰ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা March 20, 2021 10:30 am
a elepha

কলিয়াবৰৰ বৰভগীয়াত বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱক।

নিহত যুৱকজন বৰভগীয়া গাঁৱৰ মনৰুপ মল্লিক।

পুৱা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ আহোতে যুৱক জনক আক্ৰমণ  কৰে বনৰীয়া হাতীটোৱে।

হাতীটোৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় মনৰুপ।

আহত মনৰুপক ততাতৈয়াকে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে  চিকিৎসকে তেজপুৰলৈ নিবলৈ কয়  হয় ।কিন্তু তেজপুৰলৈ নিয়াৰ আদবাটতে মৃত্যু ঘটে যুৱকজনৰ।

হাতীৰ আক্ৰমণত এনেদৰে এগৰাকী উদীয়মান যুৱকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য উক্ত অঞ্চলটোলত প্ৰায়ে বৱনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

বনভূমি সংকুচিত হৈ অহাৰ বাবেই বনৰীয়া হাতীয়ে প্ৰায়ে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে।