NORTHEAST NOW (Assamese)

গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ হ’ব পুনৰ মৃগেন শৰণীয়া; উপ মেয়ৰ স্মিতা ৰয়

May 3, 2022 12:32 pm · এন ই নাও নিউজ, গুৱাহাটী
নতুন মেয়ৰ মৃগেন শৰণীয়া। ফাইল ফটো।

গুৱাহাটী পৌৰ নিগমৰ নতুন মেয়ৰ হিচাপে পুনৰ নিৰ্বাচিত কৰা হৈছে পূৰ্বৰ মেয়ৰ মৃগেন শৰণীয়াক।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি দলৰ মুখ্য কাৰ্যালয়ত এই কথা ঘোষণা কৰে।

সদ্য সমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মৃগেন শৰণীয়াই ২৯ নং ৱাৰ্ডৰ পৰা  প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল।

আনহাতে, স্মিতা ৰয়ে ২২ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৮টা ৱাৰ্ড বিজেপিয়ে লাভ কৰাৰ বিপৰীতে ১টা অসম জাতীয় পৰিষদ আৰু ১টা আম আদমি পাৰ্টিয়ে লাভ কৰে।  

Related News