NORTHEAST NOW (Assamese)

মহীশূৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় দবাত উজলিল অসমৰ মৃণ্ময় ৰাজখোৱা

April 17, 2022 2:21 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: April 17, 2022 2:25 pm

কৰ্ণাটকৰ মহীশূৰত ৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা অনুৰ্দ্ধ ১২ বছৰ ৰাষ্ট্ৰীয় দবাত অসমৰ মৃণ্ময় ৰাজখোৱাই ৮.৫ পইণ্ট সংগ্ৰহ কৰি ষষ্ঠ স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

মৃণ্ময়ে ১১ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট অৰ্জন কৰে। কেৰেলাৰ গৌতম কৃষ্ণই ৯.৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে।

আনহাতে তেলেঙ্গানাৰ আদিৰেড্ডি অৰ্জুন আৰু গোৱাৰ ইঠান ভাজে ৯ পইণ্টকৈ অৰ্জন কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

মহাৰাষ্ট্ৰৰ ভিভান বিজয় ছাৰাউগী, বিহাৰৰ ৰেয়ান আৰু অসমৰ মৃণ্ময় ৰাজখোৱাই ৮.৫ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান অধিকাৰ কৰে।

তন্ময় ৰাজবংশী

অসমৰে তন্ময় ৰাজবংশীয়ে ৮ পইণ্ট সংগ্ৰহ কৰি পঞ্চদশ স্থান অধিকাৰ। মৃণ্ময় ৰাজখোৱাই নগদ ২৫,০০০ টকা আৰু তন্ময় ৰাজবংশীয়ে ৬,০০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰে।

ৰাষ্ট্ৰীয় দবাত অংশগ্ৰহণ কৰা অসমৰ দলটো

মৃণ্ময় আৰু তন্ময়ক এই সাফল্যৰ বাবে সদৌ অসম দবা সন্থাই অভিনন্দন জনাইছে।

Related News