NORTHEAST NOW (Assamese)
Popular Stories

মাহি হেই তু মুমকিন হেই! MS 007-জেমছ বণ্ডৰ ভূমিকাত মহেন্দ্ৰ সিং ধোনী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2023 1:41 pm

মহেন্দ্ৰ সিং ধোনী (MS Dhoni) সম্পৰ্কে এটা কথা আছে-মাহি হেই তু মুমকিন হেই। বয়স বঢ়াৰ লগে লগে মাহি যেন অধিক গ্লেমাৰাছ হৈ উঠিছে। এইবাৰ তেওঁ ০০৭-ৰ ভূমিকাত। ০০৭ নম্বৰটো জেমছ বণ্ডৰ সৈতে জড়িত।

শেহতীয়াকৈ মহেন্দ্ৰ সিং ধোনীয়ে এই সংখ্যাৰ সৈতে নিজকে জড়িত কৰিলে। ইয়াৰ পিছত বহুতে ধেমালিতে ক’বলৈ আৰম্ভ কৰিছে, মহেন্দ্ৰ সিং ধোনী এতিয়া জেমছ বণ্ডৰ ৰূপত! আচলতে কথাটো কিন্তু বেলেগ।

লগতে পঢ়কঃ ১৩ হাজাৰ নগ্ন ছবি! প্ৰেমিকৰ ফোনৰ পৰা ‘অন্তৰংগ মুহূৰ্তৰ’ ফটো ডিলিট কৰিবলৈ গৈ চকু কপালত উঠিল যুৱতীৰ

গাড়ীৰ প্ৰতি ধোনীৰ প্ৰেম সকলোৰে জ্ঞাত। শেহতীয়াকৈ তেওঁৰ বিষয়ে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰিছে। বহু চৰ্চিত মাৰ্চিডিজ জি ক্লাছ গাড়ীখনত দেখা গৈছে ধোনীক। অল ব্লেক থিমৰ গাড়ী। গাড়ীৰ নম্বৰ প্লেটত লিখা আছে ০০৭। এইদৰেই ধোনী জেমছ বণ্ডৰ বিখ্যাত নম্বৰ ০০৭ৰ সৈতে জড়িত হৈ পৰিল।

অৱশ্যে মহেন্দ্ৰ সিং ধোনীয়ে যদি চিনেমা জগতত নামে তেন্তে তেওঁৰ অনুৰাগীসকল অসন্তুষ্ট নহ’ব। হয়তো বহুতেই সুখী হব। ভদ্ৰলোকজনৰ বয়স চল্লিশৰ ওপৰত। আকৌ দীঘল চুলি ৰাখিবলৈ ধৰিছে। লগতে সেই ব্যক্তিত্ব। ছ’চিয়েল মিডিয়াত বহুতে কৈছে যে ধোনীয়ে ইচ্ছা কৰিলে এইবাৰ ডাঙৰ পৰ্দাত ভূমিকা মাৰিব পাৰে।

ৰূপালী পৰ্দাত ধোনীক দেখা যাব নে নাই সেয়া অদূৰ ভৱিষ্যতে গম পোৱা যাব। আৰু প্ৰয়োজনেই বা কি? এতিয়াও তেওঁ নায়ক। তেওঁ দেশৰ বাবে এদিনীয়া বিশ্বকাপ, টী-২০ বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ আই চি চি ট্ৰফী জিকিছে। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনী সদায় অবিসম্বাদী নায়ক হৈ থাকিব।