NORTHEAST NOW (Assamese)
Popular Stories

মহেন্দ্ৰ সিং ধোনীয়ে জনালে তেওঁৰ এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ প্ৰিয় ইনিংছটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 6:20 pm

২০১১ চনৰ বিশ্বকাপ বিজয়ৰ ১০ বছৰ পূৰ্তি উপলক্ষে মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ প্ৰিয় এদিনীয়া ইনিংছটো নিৰ্বাচিত কৰি উলিয়াইছে।

বিশ্বকাপ বিজয়ী দলটোৰ অধিনায়ক ধোনীয়ে কয় যে বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে কৰা ৯১ ৰাণৰ অপৰাজিত ইনিংছটোৱেই এদিনীয়া ক্ৰিকেটত তেওঁৰ আটাইতকৈ প্ৰিয় ইনিংছ।

তেওঁ কয় যে ফাইনেল মেচখন শেষ কৰাৰ যি অভিজ্ঞতা, সেয়া অনন্য।

শুকুৰবাৰে গাল্ফ (Gulf)-এ আপলোড কৰা এটা ভিডিঅ’ত ধোনীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে ধোনীয়ে বিশ্বকাপখনৰ আটাইকেইখন মেচতে ৬ নম্বৰ স্থানত বেট ধৰিছিল, কিন্তু ফাইনেল মেচত ৫ নম্বৰ স্থানত বেট ধৰিবলৈ আহে।

আৰু ক্ৰিজত আহিয়েই প্ৰতিপক্ষৰ বিশ্বপ্ৰসিদ্ধ অফ স্পীনাৰ মুট্টীয়া মুৰালিধৰণ, ফাষ্ট বলাৰ লাচিথ মালিংগাৰ দৰে বলাৰৰ আক্ৰমণ হেলাৰঙে পাৰ কৰিছিল।

৯১ ৰাণৰ ইনিংছটোত ধোনীয়ে ৮টা চাৰি আৰু ২টাকৈ ছয় কোবাইছিল।

শ্ৰীলংকাৰ মিডিয়াম পেচাৰ নুৱান কুলাছেকেৰাৰ ৪৯ অভাৰৰ স্পেলটোত এটা বিশাল ছয় কোবাই ধোনীয়ে ২৮ বছৰৰ মূৰত ভাৰতক এদিনীয়া বিশ্বকাপ বিজয়ৰ সোৱাদ দিছিল।

প্ৰথম ইনিংছত শ্ৰীলংকাই বান্ধি দিয়া ২৭৫ ৰাণৰ বিজয়লক্ষ্যত উপনীত কৰোৱা এই ইনিংছটোৰে তেওঁ ‘মেন অৱ দ্যা মেচ’ সন্মান লাভ কৰিছিল।