NORTHEAST NOW (Assamese)

`তুমি এবাৰ পাকিস্তানলৈ যোৱা উচিত’, অনুৰাগীক কিয় পাকিস্তানলৈ যাবলৈ পৰামৰ্শ দিলে ধোনীয়ে? ভাইৰেল ভিডিঅ’

December 30, 2023 11:36 am · এন ই নাও নিউজ, গুৱাহাটী

এবাৰ পাকিস্তানত খেলিবলৈ গৈছিল। পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে তেওঁৰ দীঘল চুলিখিনি দেখি আপ্লুত হৈছিল। পাকিস্তানৰ সুস্বাদু খাদ্যও তেওঁৰ ভাল লাগে। তেওঁ হৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। তেওঁ অধিনায়ক হিচাপে ভাৰতক বহু সফলতা আনি দিছে। সেই ধোনীয়ে তেওঁৰ এজন অনুৰাগীক পাকিস্তানলৈ যাবলৈ পৰামৰ্শ দিছে।

এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বিয়পি পৰিছে। ধোনীয়ে এজন অনুৰাগীক কোৱা দেখা যায়, “পাকিস্তানী খাদ্য বৰ সুস্বাদু। তুমি এবাৰ হ’লেও পাকিস্তানলৈ যোৱা উচিত।” কিন্তু ধোনীৰ এই পৰামৰ্শ সেই অনুৰাগীৰ মনত ভাল নালাগিল। তেওঁ ধোনীক ক’লে, “আপুনি পাকিস্তানত ভাল খাদ্য পোৱা যায় বুলি পৰামৰ্শ দিলেও মই তালৈ নাযাওঁ। মই খাবলৈ ভাল পাওঁ কিন্তু পাকিস্তানলৈ নাযাওঁ।”

লগতে পঢ়কঃ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত IPL খেলি যোৱা নেপালৰ তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিছানে

কিন্তু সামাজিক মাধ্যমত বিয়পি পৰা এই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা হোৱা নাই। এসময়ত ধোনী দীঘল চুলিৰ বাবে বিখ্যাত আছিল। ইয়াৰ পিছত সফলতাৰ জখলা বগাই যোৱাৰ লগে লগে তেওঁৰ চুলিৰ ষ্টাইলো সলনি হৈ গ’ল। সেই ধোনীয়ে এতিয়া আকৌ দীঘল চুলি ৰাখিবলৈ বিচাৰিছে। এটা ভাইৰেল ভিডিঅ’ত ধোনীৰ দীঘল চুলিৰ ষ্টাইলৰ বিষয়ে চৰ্চা চলিছিল।

https://twitter.com/taimoorze/status/1740665504610812382?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1740665504610812382%7Ctwgr%5Ef909a18b59788a43b3cd8b9afaa421a22712f4cc%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fsports.ndtv.com%2Fcricket%2Fwatch-ms-dhoni-advises-fan-to-go-to-pakistan-for-their-food-his-reply-4763738

সেই সময়ত কেপ্তেইন কুলে ধেমালিতে কৈছিল, “দীঘল চুলি ৰক্ষণাবেক্ষণ কৰাটো বৰ কঠিন। বহু বছৰৰ আগতে কথাবোৰ বেলেগ আছিল। আগতে ২০ মিনিটতে চুলিখিনি ঠিক কৰি লৈছিলোঁ। কিন্তু এতিয়া সেই চুলিৰ যত্ন কৰিবলৈ প্ৰায় ১ ঘণ্টা ১০ মিনিট সময় লাগে। মোৰ এতিয়া আকৌ দীঘল চুলি বনাবলৈ মন গৈছে। কাৰণ মোক ভালপোৱা সকলে মোক এনেকৈ দেখি ভাল পায়। কিন্তু যদি এদিন টোপনিৰ পৰা সাৰ পাই উঠি দেখো যে আৰু ভাল লগা নাই, তেন্তে ইমান দীঘল চুলি কাটি পেলাবও পাৰো।” 

Related News