• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত IPL খেলি যোৱা নেপালৰ তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিছানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2023 8:04 am
নেপালৰ তাৰকা স্পীনাৰ সন্দীপ লামিছানে। ফটোঃ সংগ্ৰহীত।

নেপালৰ তাৰকা স্পীনাৰ সন্দীপ লামিছানে। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত দিল্লী কেপিটেলছৰ হৈ IPLত খেলা নেপালৰ তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিছানে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈছে। শুকুৰবাৰে কাঠমাণ্ডু জিলা আদালতত ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত হয় ২০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা তাৰকা স্পিনাৰগৰাকী।

ন্যায়াধীশ শিশিৰ ৰাজ ঢাকালৰ আদালতত গোচৰটোত লামিছানেৰ বিৰুদ্ধে উত্থাপিত দুস্কাৰ্যৰ অভিযোগ সত্য বুলি প্ৰমাণিত হয়। অৱশ্যে ন্যায়াধীশগৰাকীয়ে নিশ্চিত কৰে যে ২০২২ চনৰ আগষ্ট মাহত ধৰ্ষণৰ সময়ত অভিযোগকাৰী নাবালিকা নাছিল। তাৰকা ক্ৰিকেটাৰগৰাকীৰ শাস্তি পৰৱৰ্তী শুনানিত ঘোষণা কৰা হ’ব। তাতেই তেওঁৰ কাৰাদণ্ডৰ ম্যাদ নিৰ্ধাৰণ হ’ব পাৰে।

লগতে পঢ়কঃ জাতীয় দলত উপেক্ষিত! তথাপি অনুশীলনৰ পৰা বিশ্ৰাম নাইঃ ভিডিঅ’ যোগে ৰাহানেৰ বাৰ্তা

Apply Now

বৰ্তমান জামিনত মুকলি হৈ আছে লামিছানে। যোৱা ১২ জানুৱাৰীত পাটন উচ্চ ন্যায়ালয়ে তাৰকা ক্ৰিকেটাৰগৰাকীক জামিন মঞ্জুৰ কৰে। লামিছানে দাখিল কৰা পুনৰীক্ষণ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ ধ্ৰুৱৰাজ নন্দ আৰু ন্যায়াধীশ ৰমেশ দাহালৰে গঠিত বিচাৰপীঠে প্ৰাক্তন ক্ৰিকেট অধিনায়কগৰাকীক ২০ লাখ টকাৰ বণ্ডত চৰ্তসাপেক্ষ জামিন প্ৰদান কৰে।

নেপালৰ ৰাষ্ট্ৰীয় দলৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ২০২২ চনৰ ২১ আগষ্টত কাঠমাণ্ডুৰ হোটেলৰ কোঠাত এগৰাকী নাবালিকাক একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে লমিছানে কাৰাবাস খাটিবলগীয়া হৈছিল। নেপাল দলৰ পৰাও তেওঁক অপসাৰণ কৰা হয়। অৱশ্যে জামিনত মুকলি হোৱাৰ পিছত তেওঁ পুনৰ ৰাষ্ট্ৰীয় দলত প্ৰৱেশ কৰে।

লগতে পঢ়কঃ দিল্লীত ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিলে আলফাইঃ সকলো যুক্তিসংগত দাবী পূৰণৰ আশ্বাস অমিত শ্বাহৰ

যোৱা ৬ ছেপ্টেম্বৰত লামিছনেৰ বিৰুদ্ধে গৌশালা মহানগৰ আৰক্ষী চক্ৰত এজাহাৰ দাখিল কৰা হৈছিল। যোৱা ৬ অক্টোবৰত ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে লামিছানেক গ্ৰেপ্তাৰ কৰিছিল। ২০২২ চনৰ ৪ নৱেম্বৰত কাঠমাণ্ডু জিলা আদালতে লামিছানেক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। জিলা আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই সন্দীপে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

Quite an extraordinary fall from grace for somebody who was once the face of cricket in Nepal, if not the entire Associate world. https://t.co/CpCoSkTcJB

— Peter Della Penna (@PeterDellaPenna) December 29, 2023

লামিছানে নেপালৰ হৈ ৫১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ১১২টা উইকেট সংগ্ৰহ কৰে। তাৰ লগতে দেশৰ জাৰ্চি পিন্ধি ৫২খন আন্তঃৰাষ্ট্ৰীয় টী-২০ মেচত খেলপথাৰত নামি ৯৮টা উইকেট সংগ্ৰহ কৰে। অৰ্থাৎ লামিছানে দুয়োটা ফৰ্মেটতে ২১০টা আন্তঃৰাষ্ট্ৰীয় উইকেট লাভ কৰিছে।

২০১৮ আৰু ২০১৯ চনত লামিছানে আই পি এলৰ মুঠ ৯খন খেল খেলিছিল। তেওঁ মুঠ ১৩টা উইকেট লাভ কৰে। কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতেই নহয়, সন্দীপে সমগ্ৰ বিশ্বতে ঘৰুৱা টী-১০ আৰু টী-২০ লীগত খেলিছে। ইয়াৰ উপৰিও তেওঁ হোবাৰ্ট হাৰিকেনছ, মেলবৰ্ণ ষ্টাৰছ, লাহোৰ কালাণ্ডাৰছ, অভাল ইনভিনচিবলছ, বাৰ্বাডোছ ট্ৰাইডেণ্টছ, জামাইকা তালাৱাজৰ দৰে প্ৰথম শ্ৰেণীৰ দলকো প্ৰতিনিধিত্ব কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd