NORTHEAST NOW (Assamese)
Popular Stories

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সুখবৰ; ২ মাৰ্চত হাতত বেট তুলি ল’ব ধোনীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2020 12:15 pm
Mahendra Sing Dhoni

দীর্ঘদিন ধৰি ক্ৰিকেটৰ পৰা অপ্ৰত্যাশিতভাৱে আঁতৰি থকা ভাৰতৰ প্ৰাক্তন তথা বৰ্তমানৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ২ মাৰ্চৰ পৰা পুনৰ চলাব অনুশীলন।

চেন্নাই ছুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কে এছ বিশ্বনাথনে এই কথা নিশ্চিত কৰি কয়, ‘ধোনীয়ে ২ মাৰ্চৰ পৰা এম এ চিদাম্বৰম ষ্টেডিয়ামত অন্য খেলুৱৈৰ সৈতে অনুশীলন চলাব’।

তেওঁ লগতে দলে ১৯ মাৰ্চৰ পৰাহে পূৰ্ণ পৰ্যায়ত অনুশীলন আৰম্ভ কৰিব বুলি জনায়।

উল্লেখ্যে যে, মুম্বাইত ২৯ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলেৰে শুভাৰম্ভ হ’ব ২০২০ বৰ্ষৰ আই পি এল।

ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলৰ পিছৰে পৰা ক্ৰিকেটৰ পথাৰত অনুপস্থিত থকা ক্ৰিকেটাৰগৰাকীৰ পুনৰাগমনক লৈ তেওঁৰ অনুৰাগীসকল যথেষ্ট উৎসাহী হৈ পৰিছে।

দুবাৰৰ বিশ্বকাপজয়ী অধিনায়কগৰাকীয়ে ক্ৰিকেটৰ পৰা অৱসৰ কেতিয়া ল’ব তাক লৈ বিগত পাঁচমাহ ধৰি বিশেষ চৰ্চা চলি আছে।

সংবাদ মাধ্যমত তথা বিভিন্নজনে তেওঁৰ কেৰিয়াৰ সন্দৰ্ভত বিভিন্ন মন্তব্য দিয়াৰ পিছতো এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ নকৰা ধোনীৰ কেৰিয়াৰ কোন দিশে গতি কৰে সেয়া আই পি এলৰ পিছতেই স্পষ্ট হৈ পৰিব।