NORTHEAST NOW (Assamese)
অসম

মুকেশ আম্বানিক চেৰ পেলাই ধনীৰ শীৰ্ষত এইজন ব্যক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2020 7:13 pm
RIL hydrocarbon division announces salary cuts, Mukesh Ambani to forgo entire compensation

মুকেশ আম্বানিক চেৰ পেলাই পুনৰ এছিয়াৰ সৰ্বাধিক ধনী ব্যক্তিত পৰিণত হৈছে চীনা ব্যৱসায়ী জেক মা।

সোমবাৰে শ্বেয়াৰ বজাৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ পতনৰ ফলত আলিবাবা গ্ৰুপৰ মালিক জেক মা পুনৰ এছিয়াৰ ১ নম্বৰ ধনীত পৰিণত হৈছে।

ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইণ্ডেক্স মতে ২০১৮ চনৰ মাজভাগত আম্বানিৰ হাতত এক নম্বৰ স্থান হেৰুওৱা জেক মাৰ সোমবাৰে সম্পত্তি হৈছেগৈ ৪৪.৫ বিলিয়ন আমেৰিকান ডলাৰ।

দ্বিতীয় স্থানৰ আম্বানিতকৈ এই পৰিমাণ ২.৬ বিলিয়ন ডলাৰ বেছি।

বিশ্লেষকসকলৰ মতে, এতিয়াও শীৰ্ষতম ধনী ভাৰতীয় আম্বানিৰ এই পতন সাময়িক আৰু অতি সোনকালেই তেওঁৰ পুনৰ উত্থান ঘটিব।

jack-ma
জেক মা।উৎস-ইণ্টাৰনেট

শ্বেয়াৰ বজাৰত পতনৰ ফলত মুকেশ আম্বানিয়ে সোমবাৰে এদিনতে ৪৪ হাজাৰ কোটিতকৈয়ো অধিক টকা হেৰুৱাইছে।

যোৱা ১১ বছৰৰ ভিতৰত শ্বেয়াৰ বজাৰত আম্বানিৰ ৰিলায়েন্স উদ্যোগৰ এইটোৱে আছিল সৰ্বাধিক পতন।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ মূল্য ১৪ শতাংশ হ্ৰাস পাই দিনটোত সৰ্বনিম্ন ১০৯৫ টকা হয়গৈ।

ফলত ফ’ৰ্বছৰ ৰিয়েল টাইম হিচাপ মতে আম্বানিৰ সোমবাৰে বিয়লিলৈ সম্পত্তি হয়গৈ ৪১.৮ বিলিয়ন আমেৰিকান ডলাৰ।

তেওঁৰ মুঠ সম্পদ হ্ৰাস পায় ৫.৯ বিলিয়ন আমেৰিকান ডলাৰ।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কমাৰ বাবেই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বজাৰত পতন ঘটিছে।

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অ’ এন জি চিৰো শ্বেয়াৰ মূল্য তললৈ নামিছে।