মোদী হে তু মুমকিন হে! দেশৰ ধনীতম ব্যক্তিৰ তালিকাত অভাৱনীয় উত্থান গৌতম আদানিৰ; অক্ষুন্ন মুকেশ আম্বানিৰ স্থান
Gautam Adani’s growth: দেশৰ ধনীতম ব্যক্তিৰ শীৰ্ষস্থান অক্ষুন্ন আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ চেয়াৰমেন মুকেশ আম্বানিৰ। ‘আইআইএফএল ৱেলথ হু ৰাণ ইণ্ডিয়া’ত প্ৰকাশ পোৱা ভাৰতৰ ১০গৰাকী শীৰ্ষ ধনকুবেৰৰ তালিকাত প্ৰথম স্থানতে আছে মুকেশ আম্বানি।
কিন্তু এই তালিকাৰ দ্বিতীয় স্থানত থকা গৌতম আদানিৰ উত্থান অপ্ৰতিৰোধ্য হৈ ধৰা দিছে। ২০০১ চনৰ তেওঁৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে ২৬১শতাংশ।
দেশৰ ধনীতম ব্যক্তিৰ তালিকাত গৌতম আদানিৰ উত্থানে পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিছে।
এই তালিকাত তৃতীয় স্থানত আছে এইচিএলৰ মুৰব্বী শিব নাদাৰ। তেওঁৰ সম্পত্তি বৃদ্ধি পাইছে ৬৭শতাংশ।
এইবাৰকে ধৰি একেৰাহে দহ বছৰ ধৰি দেশৰ ধনীতম ব্যক্তিৰ তালিকাৰ শীৰ্ষস্থান অক্ষত ৰাখিলে মুকেশ আম্বানিয়ে।
শেহতীয়া তালিকা মতে আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৭লাখ ১৮হাজাৰ কোটি টকা। চলিত বছৰত তেওঁৰ সম্পত্তিৰ পৰিমান বাঢ়িছে ৯শতাংশ।
ইপিনে, মুকেশ আম্বানিৰ সম্পত্তি ৯শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে আদানিৰ সম্পত্তি এই বছৰৰ হিচাপত ২৬১শতাংশ বৃদ্ধি পাইছে।
আৰু পঢ়ক: যান-বাহনৰ নথি, ড্ৰাইভিং লাইচেন্সৰ ম্যাদ বৃদ্ধি কৰিলে কেন্দ্ৰই; চাওক অন্তিম তাৰিখ কিমান?
আদানিৰ সংস্থাৰ বজাৰ মূলধনৰ পৰিমান ৯লাখ কোটি টকা। পৰিসংখ্যাৰ ফালৰ পৰা তেওঁ ১লাখ কোটি টকাৰ পাঁচটা সংস্থাৰ গৰাকী।
উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহত ফ’ৰ্বছ আলোচনীত প্ৰকাশিত তালিকাতো একেধৰণে আম্বানি আৰু আদানিয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছিল।
এইবাৰ হু ৰাণ ইণ্ডিয়াৰ তালিকাতো অব্যাহত থাকিল সেই স্থান। কিন্তু তাৰমাজতো আদানিৰ সম্পত্তিৰ পৰিমান বৃদ্ধিৰ হাৰ সঁচাকৈয়ে চকু কপালত তুলিবলগীয়া।
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আদানিৰ চমকপ্ৰদ উত্থান সকলোৰে জ্ঞাত। দেশৰ সম্পদৰ ওপৰত আদানিৰ আধিপত্য ক্ৰমে বৃদ্ধি পোৱাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ সুদৃষ্টি অৱশ্যেই বিশেষ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে।