NORTHEAST NOW (Assamese)
অসম

আই পি এল খেলাৰ সুযোগ নোপোৱাৰ বাবে এজন ক্লাব ক্ৰিকেটাৰৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 11:29 am

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল খেলাৰ সুযোগ নোপোৱাৰ বাবে মুম্বাইৰ এজন ক্লাব ক্ৰিকেটাৰে আত্মহত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

২৭ বছৰীয়া কৰণ তিৱাৰী নামৰ ক্ৰিকেটাৰজনে যোৱা সোমবাৰে নিশা মলাড (পূব)স্থিত নিজা ঘৰত চিপ লৈ আত্মহত্যা কৰে।

কৰণৰ এজন বন্ধুৱে জনোৱা মতে তেওঁ আই পি এল খেলিবলৈ সুযোগ নোপোৱাৰ বাবে বহু দিনৰ পৰা হতাশাত ভুগি আছিল।

জানিব পৰা মতে, কৰণে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আই পি এলৰ কেইবাটাও দলে চলোৱা অনুশীলনত বলিং কৰিছিল। তেওঁ ৰাজ্যিক দলত স্থান লাভৰ চেষ্টা কৰি আছিল।

উল্লেখ্য যে বি চি চি আইৰ নিয়ম অনুসৰি যিজন ক্ৰিকেটাৰে নিজ ৰাজ্যৰ হৈ যিকোনো বয়সৰে ক্ৰিকেটত অংশ লৈছে তেওঁ আই পি এলৰ নিলামত অংশ ল’ব পাৰে।

মুম্বাইত কৰণ ‍‘জুনিয়ৰ ডেল ষ্টেইন’ বুলি জনপ্ৰিয় আছিল। তেওঁৰ বলিং একশ্যন আৰু শাৰিৰীক গঠন দক্ষিণ আফ্ৰিকাৰ মহান বলাৰ ডেল ষ্টেইনৰ সৈতে মিল আছিল।

আৰক্ষীৰ মতে, কৰণে উদয়পুৰৰ এজন বন্ধুক ফোন কৰি আত্মহত্যা কৰাৰ কথা উল্লেখ কৰিছিল। তেওঁ আই পি এলত সুযোগ নোপোৱাত হতাশ হৈছিল। বন্ধুজনে কৰণৰ ভনীয়েকক লগে লগে সকলোবোৰ কথা অৱগত কৰে যদিও তেতিয়ালৈকে সকলোবোৰ পলম হৈ যায়।