মৰ্মান্তিক! ফিল্ডিং কৰি থকাৰ সময়তে মূৰত বল লাগি মৃত্যু ক্ৰিকেটাৰৰ

মুম্বাইত সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম। ক্ৰিকেট খেলি থকা অৱস্থাতে মূৰত বল লগাৰ ফলত শোকাৱহভাৱে মৃত্যুক সাবটি লৈছে এগৰাকী ৫২ বৰ্ষীয় ব্যক্তিয়ে।
প্ৰকাশিত খবৰ অনুসৰি সোমবাৰে মাটুংগাৰ দদকাৰ ময়দানত ক্ৰিকেট খেলি আছিল ব্যক্তিগৰাকীয়ে। তেওঁলোকৰ মেছখনৰ সমান্তৰালকৈ কাষতে চলি আছিল আন এখন মেচ।
সেই মেচখনৰ বেটিং ক্ৰীজৰ ফালে পিঠি দি ফিল্ডিং কৰি আছিল ব্যক্তিগৰাকীয়ে। হঠাতে উক্ত মেচখনৰ বেটাৰে কোবোৱা এটা শ্বটত বলটোৱে ফিল্ডিং কৰি থকা ব্যক্তিজনৰ মূৰত আঘাত কৰে।
সমুখলৈ চাই ফিল্ডিং কৰি থকাৰ বাবে পিছৰ পৰা অহা বলটোৰ বিষয়ে কোনো উমানেই ধৰিব নোৱাৰে ব্যক্তিজনে। মূৰৰ পিছফালে বলটোৱে গুৰুতৰভাৱে আঘাত কৰাত তেওঁ থিতাতে বহি পৰে।
ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ মৃতদেহটো পৰিয়ালক গতাই দিয়া হয়।
জানিব পৰা মতে, ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে অনুষ্ঠিত হোৱা টি-২০ প্ৰতিযোগিতা কুচ্চি ভিছা ওছৱাল বিকাশ লিজেণ্ড কাপত অংশগ্ৰহণ কৰি আছিল ব্যক্তিজনে।
স্থানৰ আৰু সময়ৰ অভাৱৰ বাবে প্ৰতিযোগিতাখনৰ আয়োজকে একেখন খেলপথাৰতে দুখন মেচ সমান্তৰালভাৱে আয়োজন কৰিবলৈ বাধ্য হৈছিল।