NORTHEAST NOW (Assamese)
অসম

পিতৃৰ মৃত্যুৰ ১৫ বছৰৰ পাছত ইৰাকবাসীক কি আহ্বান জনালে ছাদ্দাম হুছেইনৰ কন্যাই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2022 1:47 pm
Saddam Daughter

পিতৃক ফাঁচি দিয়াৰ ১৫বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত মুখ খুলিছে ছাদ্দাম হুছেইনৰ কন্যা ৰাঘাদ ছাদ্দাম হুছেইনে। তেওঁ ইৰাকীসকলৰ ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে।

ৰাঘাদে বৰ্তমান বিশ্বত যি পৰিৱৰ্তন ঘটিছে তাৰ সৈতে ইৰাকীসকলক নিজকে মিলিবলৈ আহ্বান জনাইছে।

যোৱা শুকুৰবাৰে পিতৃৰ প্ৰতিকৃতিৰ সন্মুখত বহি ৰাঘাদ ছাদ্দাম হুছেইনে এই আহ্বান জনায়। তেওঁ দেশবাসীক সম্প্ৰদায় তথা পটভূমি বিবেচনা নকৰি ইজনে  সিজনক ক্ষমা কৰি দিয়াৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে।

ছাদ্দাম কন্যাই আনকি যিসকলে ভুল কৰিছে তেওঁলোককো ক্ষমাৰ দৃষ্টিৰে চোৱাৰ আহ্বান জনাইছে।

Also Read: Adil Hussain in Forbes প্ৰসিদ্ধ ‘ফৰ্বছ’ আলোচনীৰ ২০২১বৰ্ষৰ অসাধাৰণ হিন্দী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত আদিল হুছেইন

চলিত বছৰতে এক সাক্ষাৎকাৰত ইয়াৰ পূৰ্বে ছাদ্দাম কন্যাই কৈছিল যে দেশখনত বৈধ শাসক নথকা বাবে ইৰানে ভাৱে যে তেওঁলোকে সহজেই ইৰাকক দমন কৰিব পাৰিব। তেওঁ ইৰানকো সংঘাত তথা বিৰোধিতা এৰাই চলাৰ বাবে আহ্বান জনাইছিল।

ইৰাকৰ তদানীত্বন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে ব্যাপক বিধ্বংসী পাৰমানৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ অভিযোগ তুলি ২০০৩ চনত  যুক্তৰাষ্ট্ৰৰ নেতৃত্বত কেইখনমান দেশে ইৰাক আক্ৰমণ কৰিছিল। যদিও দেশখনত পিছত কোনো পাৰমানৱিক অস্ত্ৰ পোৱা নগ’ল।  

Also Read: Trouble for Vicky Kaushal বিপদত ভিকি কৌশল! অভিনেতাগৰাকীৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে অভিযোগ

২০০৩ চনৰে ১৩ ডিচেম্বৰত আমেৰিকান সেনাৰ হাতত বন্দী হয় ছাদ্দাম হুছেইন। আমেৰিকাৰ দ্বাৰা গঠন কৰা ইৰাকী চৰকাৰে বিচাৰি কৰি ছাদ্দামক অপৰাধী চিনাক্ত কৰে।

২০০৬চনৰ ৩০ ডিচেম্বৰত ইৰাকী সময় মতে ৬বাজি ৬মিনিটত ছাদ্দাম হুছেইনক ফাঁচি দিয়া হয়।