NORTHEAST NOW (Assamese)

অদ্ভুত কাণ্ড! স্কুটাৰত ৭টা শিশুকে ধৰি চালক; ভাইৰেল ভিডিঅ’ দেখি আতংকিত নেটিজেন, গ্ৰেপ্তাৰ অভিযুক্ত

June 26, 2023 4:46 pm · এন ই নাও নিউজ, গুৱাহাটী

ঘটনাটো দেখি নেটিজেনৰ চকু কপালত উঠিছে। মুম্বাই চহৰৰ ঘটনা। নিয়ম আৰু সুৰক্ষাৰ প্ৰতি ভেঙুচালি কৰি ৭টা শিশুক এখন স্কুটিত উঠাই লৈ চলাই যোৱা দেখা গ’ল এজন চালকে। একেটা পথতে কাষে কাষে গাড়ী চলাই থকা এজন ব্যক্তিয়ে দৃশ্যটো ৰেকৰ্ড কৰে।

ভিডিঅ’টো পোষ্ট কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। বহু লোকে গৰিহণা দিয়াৰ লগতে সৰৱ হৈ পৰিল। ইয়াৰ পিছত তত্পৰ হৈ পৰিল আৰক্ষী। অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়কঃ পৰকীয়াৰ পৰিণতি! পত্নীৰ প্ৰেমিকৰ ডিঙি কাটি তেজ পান কৰিলে স্বামীয়ে

ছোহেল কুৰেশ্বী নামৰ এজন যুৱকে ছ’চিয়েল মিডিয়াত এই বিপজ্জনক ভিডিঅ’টো পোষ্ট কৰে। তেওঁ ইয়াৰ কেপচনত লিখিছে, “এই দায়িত্বহীন পাগলজনে স্কুটিত সাতটা ল’ৰা-ছোৱালী লৈ গাড়ী চলাই ঘূৰি ফুৰিছে। সাতটা শিশুৰ জীৱন বিপন্ন কৰাৰ অপৰাধত এই ব্যক্তিজনক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। আনকি এই ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃৰ বিৰুদ্ধেও গোচৰ চলাব লাগে।”

ভিডিঅ’টো চোৱাৰ পিছত বেছিভাগ নেটিজেনে ছোহেলৰ কথাত সন্মতি প্ৰকাশ কৰে। লগতে মুম্বাই আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰি ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ইয়াৰ পিছতে এই ভিডিঅ’টো মুম্বাই যান-বাহন আৰক্ষীৰ দৃষ্টিগোচৰ হয়। ভিডিঅ’টোৰ পৰা অভিযুক্তক চিনাক্ত কৰা হৈছে। তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে হত্যাৰ চেষ্টাকে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে।

পিছত আৰক্ষীয়ে লোকজনৰ এখন ছবিসহ টুইট কৰে। তাত কোৱা হৈছে যে এনেদৰে গাড়ী চলোৱাটো সমৰ্থিত নহয়। এই ব্যক্তিজনে নিজৰ জীৱন, শিশু আৰু অন্যান্য পথচাৰীক বিপদত পেলাইছিল। হত্যাৰ চেষ্টাকে ধৰি একাধিক অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Related News