NORTHEAST NOW (Assamese)

অৰ্ণৱ গোস্বামীলৈ মুম্বাই আৰক্ষীৰ জাননী, ১৬ অক্টোবৰত হাজিৰ হ’বলৈ নিৰ্দেশ

October 14, 2020 11:24 am · এন ই নাও নিউজ

মহাৰাষ্ট্ৰ চৰকাৰ আৰু অৰ্ণৱ গোস্বামীৰ মাজত চলি থকা শীতল যুদ্ধখনে পুনৰ এক নতুন মোৰ লৈছে। মঙলবাৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।

সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে পালঘৰ সাধু গণহত্যা আৰু বান্দ্ৰাত বৰ্হি ৰাজ্যৰ শ্ৰমিকসকলক লৈ নিজৰ টিভিৰ টক শ্ব’ত সাম্প্ৰদায়িক ৰং দিয়াৰ অপচেষ্টা কৰা বুলি অভিযোগ আছে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১০৮ৰ অধীনত এই জাননী প্ৰেৰণ কৰিছে আৰু তেওঁৰ পৰা জানিব বিচাৰিছে যে কিয় তেওঁৰ বিৰুদ্ধে উত্থাপিত সাম্প্ৰদায়িক মন্তব্যটো প্ৰত্যাহাৰ কৰিব লাগে।

মুম্বাই আৰক্ষীৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই জানিবলৈ দি কয় যে অৰ্ণৱে অহা ১৬ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে ৪ বজাত স্পেচিয়েল একজিকিউটিভ মেজিষ্ট্ৰেট আৰু এচিষ্টেণ্ট কমিশ্যনাৰ অফ পুলিচৰ সন্মুখত হাজিৰ হ’ব লাগিব।

উল্লেখ্য যে যোৱা ২১ এপ্ৰিলত অৰ্ণৱ গোস্বামীয়ে ‘পুচতা হে ভাৰত’ নামৰ এটা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ পালঘৰত হোৱা দুজন সাধু আৰু এজন ড্ৰাইভাৰৰ গণহত্যাৰ বিষয়টো উত্থাপন কৰিছিল।

হিন্দী ভাষাত আয়োজন কৰা অনুষ্ঠানটোত অৰ্ণৱে প্ৰশ্ন উত্থাপন কৰি কৈছিল যে এই হত্যা হিন্দু আৰু গেৰুৱা বসন পিন্ধা কাৰণে হৈছিল নে নাই।

অৰ্ণৱক প্ৰেৰণ কৰা জাননীত কোৱা হৈছে যে তেওঁ এই মন্তব্যৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অপচেষ্টা চলাইছে।

উল্লেখ্য যে অৰ্ণৱৰ বিৰুদ্ধে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত যোৱা এপ্ৰিল মাহত নাগপুৰত এটা গোচৰ ৰুজু হৈছিল।

ইয়াৰ উপৰি অৰ্ণৱৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ পালঘৰ গণহত্যাৰ বাবে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক জগৰীয়া কৰিছিল আৰু এই সন্দৰ্ভতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

উল্লেখ্য যে যোৱা ১৬ এপ্ৰিলত মহাৰাষ্ট্ৰৰ পালঘৰত দুগৰাকী হিন্দু সন্তক উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

Related News