NORTHEAST NOW (Assamese)

মুম্বাইত উদ্ধাৰ পণবন্দী কৰি ৰখা ১৭টা শিশু! অপহৰণকাৰী পেছাত শিক্ষক, কি দাবী তেওঁৰ?

October 30, 2025 6:23 pm · এন ই নাও নিউজ, গুৱাহাটী

খোদ মুম্বাইৰ পোৱাইত পণবন্দী কৰি ৰখা ১৭টা শিশুক উদ্ধাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। দুপৰীয়া প্ৰায় ১:৪৫ বজাত তেওঁলোকৰ ওচৰলৈ ফোন আহে। ইয়াৰ পিছতে আৰক্ষীৰ বৃহৎ দল এটাই সেই স্থানত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যৌথভাৱে শিশুকেইটাক উদ্ধাৰ কৰে।

অভিযুক্তই এখন ৱেব ছিৰিজৰ অডিচনৰ নামত ১০০টা শিশুক ষ্টুডিঅ’লৈ মাতিছিল। ইয়াৰ পিছত ৮৩ জনক মুকলি কৰি বাকী ১৭ জনক বন্দী কৰি ৰাখে।

বাতৰি অনুসৰি, অভিযুক্তৰ নাম ৰোহিত আৰ্য। জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক জীৱন সোণোৱানে দাবী কৰিছে যে অভিযুক্ত গৰাকী মানসিকভাৱে অসুস্থ যেন লাগে। অৱশ্যে সকলো কথা তদন্তৰ আওতাত আছে।

এল এণ্ড টি ভৱনৰ সমীপৰ আৰ এ ষ্টুডিঅ’ত সংঘটিত হৈছে এই ঘটনা। দুপৰীয়া প্ৰায় ২ বজাত আৰক্ষীক ফোন কৰাৰ পিছতে বিয়লি ৩ বজাত অগ্নিনিৰ্বাপক বাহিনীক মাতি অনা হয়। ইয়াৰ পিছত হাইড্ৰলিক সঁজুলিৰে গ্ৰীল কাটি ভিতৰলৈ প্ৰৱেশ কৰে।

জানিব পৰা মতে, লোকজনে এটা ভিডিঅ’ শ্বুট কৰিছিল য’ত তেওঁ কয় যে তেওঁ কিছুমান মানুহৰ লগত কথা পাতিব বিচাৰে। যদি তেওঁক তেনে কৰিবলৈ দিয়া নহয় তেন্তে তেওঁ সকলোতে জুই লগাই দিব, নিজৰ লগতে ল’ৰা-ছোৱালীৰ ক্ষতি কৰিব।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ পেছাত এজন শিক্ষক। শিক্ষা বিভাগৰ কেইজনমান মানুহৰ লগত কথা পাতিবলৈ বিচাৰিছিল৷ তেওঁ হয়তো কৰ্মসংক্ৰান্তীয় কোনো সমস্যাত ভুগি আছে।

গ্ৰেপ্তাৰৰ পূৰ্বে ওলোৱা ভিডিঅ’টোত তেওঁ কয়, “মই ৰোহিত আৰ্য আৰু আত্মহত্যাৰ পৰিৱৰ্তে মই এটা পৰিকল্পনা কৰিছো আৰু ইয়াত কিছুমান শিশুক মোৰ জিম্মাত লৈ লৈছো। মোৰ বহুত দাবী নাই; মোৰ কিছুমান অতি সহজ দাবী, নৈতিক দাবী আৰু কিছুমান প্ৰশ্ন আছে। মই কিছুমান মানুহৰ লগত কথা পাতিব বিচাৰো, তেওঁলোকক কিছুমান প্ৰশ্ন সুধিব বিচাৰো। মই তেওঁলোকৰ উত্তৰ বিচাৰো। মই আন একো নিবিচাৰো। মই কোনো সন্ত্ৰাসবাদী নহয়। মই বহুত টকাও দাবী কৰা নাই। মই কোনো অনৈতিক কাম কৰিব নিবিচাৰো।”

প্ৰথম অৱস্থাত আৰক্ষীয়ে তেওঁক আত্মসমৰ্পণ কৰিবলৈ পতিয়ন নিয়াব পৰা নাছিল। অৱশেষত জোৰকৈ ষ্টুডিঅ’ত প্ৰৱেশ কৰিবলগীয়া হয় । প্ৰথমে বাথৰুমৰ মাজেৰে এজনে ষ্টুডিঅ’ত প্ৰৱেশ কৰে। ইয়াৰ পিছতে তেওঁক গুলীওৱাৰ সময়তে তাত আন আৰক্ষীয়ে প্ৰৱেশ কৰে। তেওঁৰ পৰা বন্দুকৰ দৰে দেখা এটা বস্তু আৰু কিছু ৰাসায়নিক পদাৰ্থও উদ্ধাৰ কৰা হৈছে। সেইবোৰ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Related News