NORTHEAST NOW (Assamese)
অসম

শিলাদিত্যক লৈ বিজেপিতে ভিন্ন মত; উপ-সভাপতি তৌফিক ৰহমানৰ মতে ‘বিকৃত মস্তিষ্ক’ৰ, মুখপাত্ৰ মুমিনুল আৱালৰ মতে ‘ঠিকেই কয়’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 11, 2018 6:01 pm
Siladitya Deb thinks of opening 'counter' near Rajiv Bhawan in Guwahati

“কিছু দিনৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন সভাত বিধায়ক শিলাদিত্যৰ মন্তব্যক বিভেদমূলক আৰু আবোল-তাবোল আখ্যা দিয়া দলটোৰ মুখপাত্ৰ মুমিনুল আৱালক আজি শিলাদিত্যৰ মন্তব্যৰ সমৰ্থনত থিয় দিয়া দেখা গ’ল।

“শিলাদিত্যৰ কথা নাকচ কৰিলে অসম আন্দোলনৰ কথা অস্বীকাৰ কৰা হ’ব।” দীৰ্ঘদিন ধৰি বিতৰ্কিত মন্তব্য প্ৰদান কৰি ৰাইজৰ ৰোষত পৰা বিতৰ্কিত বিধায়ক শিলাদিত্য দেবৰ প্ৰতি এইদৰে সমৰ্থন আগ বঢ়ায় বিজেপি দলৰ মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে।

উল্লেখযোগ্য যে, যোৱা ৭ নৱেম্বৰৰ দিনা গুৱাহাটীৰ গড়কপ্তানী বিভাগৰ প্ৰশিক্ষণ আৰু সংৰক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ কাৰ্য্য নিৰ্বাহকত শিলাদিত্যই বিজেপিৰ সংখ্যালঘু মৰ্চাৰ মাজত চৰম অসন্তোষ্টি সৃষ্টি কৰা বুলি অভিযোগ কৰিছিল মুমিনুল আৱালে।

তেওঁ উক্ত কাৰ্য্যনিৰ্বাহক সভাত বিতৰ্কিত বিধায়ক শিলাদিত্যক তেনেকুৱা মন্তব্য নকৰিবলৈ সকীয়ায়ো দিছিল মুমিনুল আৱালে।

“শিলাদিত্যৰ মন্তব্যই বিভেদ আনিছে সংখ্যালঘু মৰ্চাত। গতিকে তেওঁ যি টি মঞ্চত যি টি মন্তব্য কৰিব নালাগে।” এইদৰে কৈছিল আৱালে।

পাঁচ দিন পূৰ্বে সংখ্যালঘু মৰ্চাৰ সদস্যসকলৰ আগত এইদৰে কোৱা আৱালক আজি শিলাদিত্য দেবৰ বক্তব্যৰ সমৰ্থনত থিয় দি এক প্ৰকাৰৰ পাভলুটি মৰা দেখা গ’ল।

শিলাদিত্যৰ মন্তব্যৰ সমৰ্থন জনাই আৱালে কয় “শিলাদিত্যই যিখিনি কথা কয়, সেইখিনি ১০০ শতাংশই মিছা বুলি ক’ব নোৱাৰি। শিলাদিত্যৰ কথা অস্বীকাৰ কৰিলে বিদেশী খেদিবলৈ হোৱা অসম আন্দোলনকে নস্যাৎ কৰা হ’ব।”

প্ৰণিধানযোগ্য যে, মুমিনুল আৱালে এইদৰে ক’লেও শিলাদিত্য দেবে অসম আন্দোলন তথা অসম চুক্তিৰ বিপক্ষেহে বিগত সময়ছোৱাত মন্তব্য কৰি আহিছে।

হাস্যকৰভাৱে মুমিনুলে কয়, “শিলাদিত্য দেবে প্ৰকাশ কৰা সঁচা কথাবোৰে জনসাধাৰণৰ মনত আঘাত হানে।”

আন এটা মন কৰিব লগীয়া কথা হ’ল, বিজেপিৰ উপ-সভাপতি তৌফিক ৰহমানেও শিলাদিত্য দেবৰ মন্তব্যক বিৰোধিতা কৰিছিল উক্ত কাৰ্য্য নিৰ্বাহক সভাত। কেৱল বিৰোধিতা কৰাই নহয়, ‘বিজেপিত কিছুমান বিকৃত মস্তিকৰ লোক আছে’ বুলিও মন্তব্য কৰিছিল।