NORTHEAST NOW (Assamese)

উখল মাখল মাৰাঙ্গাগিৰি পাহাৰ; অসম-মেঘালয় সীমান্তৰ ‘মোংৰাই পাগলা দেও পূজা’ৰ সামৰণি

March 1, 2020 5:47 pm · এন ই নাও নিউজ
Updated: March 1, 2020 9:06 pm

অসম মেঘালয় সীমান্তত থকা মাৰাঙ্গাগিৰি পাহাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক “মোংৰাই পাগলা দেও”ৰ পূজা৷

অতি সক্ৰিয় দেৱতা বুলি জনাজাত এই “মোংৰাই পাগলা দেও”ৰ পূজা নকৰিলে গাঁওবাসীয়ে বহু সমস্যাত পৰে বুলি গাঁওবাসীৰ মুখে মুখে প্ৰচলিত হৈ আহিছে৷

লোক বিশ্বাসমতে, তেখেতৰ পূজা নকৰিলে গাঁওবাসীয়ে সময়ে সময়ে বহু সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে বলি-বিধানৰ জড়িয়তে পূজা পাতল কৰি আহিছে৷

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পূজা আজি শেষ হয়৷ এই পূজাৰ সময়তে হওঁক বা গাঁৱৰ মানুহৰ যদি কেতিয়াবা বিপদ হয় তেন্তে এই “মোংৰাই পাগলা দেও”ৰ নামত পূজা-অৰ্চনা কৰিলে সকলো বিপদ নাইকিয়া হোৱাৰ লগতে মনৰ কামনা পূৰণ হয় বুলিও যুগ যুগ ধৰি লোক বিশ্বাস চলি আছে৷

“মাৰাঙ্গাগিৰি” পাহাৰৰ ওপৰলৈ গ’লে কিছুমান বৃহৎ বৃহৎ আকৃতিৰ শিল দেখা যায় আৰু গাঁৱৰ মানুহে বিশ্বাস কৰা মতে এই শিলসমূহ  বৰ্তমানলৈ দৈৱ শক্তিৰ প্ৰভাৱত জাগ্ৰত ৰূপত দেখা পোৱা যায়৷

ইয়াৰ উপৰিও পাহাৰখনত “দেৱতাৰ সাঁকো, দেৱতাৰ নাও, দালান-দতলা ঘৰ,  দেও চোতাল আৰু ৰন্ধন চৌকা” আকৃতিৰ শিল দেখা পোৱা যায় বুলি গাঁৱৰ ৰাইজে দাবী কৰে ৷

এই ঐতিহাসিক পাহাৰখনতে ঐতিহাসিক “মোংৰাই পাগলা দেৱতা”ৰ পূজা হোৱাৰ বাবে বহুলোকে পাহাৰ বগাই এই মন্দিৰটোত উপস্থিত হোৱাৰ লগতে মনৰ ইচ্ছা পূৰণৰ বাবে দেৱতাজনৰ চৰণত সেৱা লয়।

Related News